অসম

assam

ETV Bharat / business

চীনক 'কাৰেন্সী মেনিপুলেটৰ' আখ্যা আমেৰিকাৰ - আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প

চীনক 'মুদ্ৰা হেৰফেৰকাৰী' (কাৰেন্সী মেনিপুলেটৰ) আখ্যা আমেৰিকাৰ ৷ আমেৰিকান ডলাৰৰ বিপৰীতে চীনৰ য়ুৱানৰ মূল্য সাংঘাতিক ধৰণে হ্ৰাস পোৱাত খৰ্গহস্ত হৈ পৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্প ৷

চীনক 'কাৰেন্সী মেনিপুলেটৰ' আখ্যা আমেৰিকাৰ

By

Published : Aug 6, 2019, 6:36 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 6 আগষ্ট : সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই চীনক 'মুদ্ৰা হেৰফেৰকাৰী' (কাৰেন্সী মেনিপুলেটৰ) হিচাপে অভিহিত কৰিছে ৷ ইয়াৰ লগতে আন্তৰ্জাতিক মুদ্ৰা নিধিক এই সম্পৰ্কত অৱগত কৰাৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে আমেৰিকাই ৷ আমেৰিকাৰ কোষাগাৰ বিভাগে জানিবলৈ দিয়া অনুসৰি ইয়াৰ পাছত দুই দেশৰ মাজত বাণিজ্যিক যুদ্ধখন পূৰ্বতকৈ বৃদ্ধি পাব ৷ আমেৰিকাৰ বিত্ত বিভাগে দিয়া তথ্য অনুসৰি, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নিৰ্দেশমৰ্মে বিত্তমন্ত্ৰী ষ্টিভেন নিউচিনে চীনক 'মুদ্ৰা হেৰফেৰকাৰী' হিচাপে নিৰ্ধাৰিত কৰে ৷

উল্লেখ্য যে, আমেৰিকাৰ ব্যৱসায় আৰু উদ্যোগসমূহ হস্তগত কৰিবৰ বাবে চীনে মুদ্ৰা হেৰফেৰ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷ আমেৰিকান ডলাৰৰ বিপৰীতে চীনৰ য়ুৱানৰ মূল্য সাংঘাতিক ধৰণে হ্ৰাস পোৱাত খৰ্গহস্ত হৈ পৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্প ৷

ABOUT THE AUTHOR

...view details