নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ বুধবাৰে পুৱাৰ ভাগত উত্থান দেখিবলৈ পোৱা গৈছে শ্বেয়াৰ বজাৰত। শ্বেয়াৰ বজাৰ মুকলিৰ পিছত৩৪৬ পইণ্টৰ উত্থান ঘটে বোম্বাই ষ্টক এক্সেইঞ্জত। এই উত্থানেৰে শ্বেয়াৰ বজাৰে বৰ্তমান মুঠ ৩৬,৩২৪ পইণ্টত অৱস্থিতি কৰে। ইপিনে বোম্বাই ষ্টক এক্সেইঞ্জৰ লগতে উত্থান ঘটিছে নিফটিৰো। নিফটি ৯৭.৫ পইন্ট উত্থানেৰে মুঠ ১০,৯৩৩ পইন্টত উপনীত হৈছে।
শ্বেয়াৰ বজাৰত উত্থান
ছান ফাৰ্মা, য়েছ বেংক, বাজাজ অটো, এক্সিছ বেংক আদিৰ শ্বেয়াৰৰ ক্ষেত্ৰত উত্থান দেখিবলৈ পোৱাৰ বিপৰীতে নিম্নগামী হৈ আছে উইপ্ৰ', টি চি এচ, গেইল, এইডচ্ চি এল আদিৰ শ্বেয়াৰ।
ইপিনে ভাৰত আৰু পাকিস্থানৰ মাজত সৃষ্টি হৈ থকা যুদ্ধ সদৃশ পৰিবেশৰ বাবে শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰী সকলে তীক্ষ্ন দৃষ্টি ৰাখিছে বজাৰৰ ওপৰত।