অসম

assam

ETV Bharat / business

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিলে "ভিজন 2019-2021" - digital transactions

"দি পেমেন্ট এণ্ড ছেটেলমেন্ট ছিষ্টেমচ ইন ইণ্ডিয়াঃ ভিজন 2019-2021" নামে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে এই নীতি ৷ ইন্টাৰনেটৰ সহায়ত ধনৰ লেনদেন; "এমপাৱাৰিং এক্সচেপচনেল ইপেমেন্ট এক্সপেৰিয়েন্স" শীৰ্ষক বিষয় লৈ উন্নত মানৰ ডিজিটেল আৰু কেছ-লেছ ব্যৱস্থাৰে কম্পিটিছন, ক'ষ্ট ইফেক্টিভনেছ, কনভেনিয়েন্স এণ্ড কনফিডেন্সৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকে ৷

ভাৰতীয় ৰিজাৰ্ভ বেংক

By

Published : May 16, 2019, 1:38 PM IST

নিউজ ডেস্ক, 16 মেঃকেছ-লাইট অৰ্থব্যৱস্থাৰ লক্ষ্যৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে বুধবাৰে মুকলি কৰিছে এক ভিজন ডকুমেন্ট, যাৰ দ্বাৰা সহজ, সুৰক্ষিত, সহজলভ্য আৰু ক্ষীপ্ৰ ই-পেমেন্ট সহজসাধ্য হৈ পৰিব ৷ 2021 চনৰ ভিতৰত ভাৰতত ডিজিটেল লেনদেনৰ সংখ্যা 8.707 কোটিলৈ বৃদ্ধি পাব আৰু ইয়াৰ বাবেই ৰিজাৰ্ভ বেংকে এই নতুন ব্যৱস্থাৰে ধনৰ লেনদেনত গুৰুত্ব প্ৰদান কৰিব ৷

এই নতুন লেনদেন ব্যৱস্থাৰে ইউপিআই/আইএমপিএছ ব্যৱস্থাত 100 শতাংশ লগতে এন ই এফটি ব্যৱস্থাত 40 শতাংশ ধনৰ লেনদেন বৃদ্ধি পোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ উল্লেখ্য যে, 2018 চনৰ 2,069 কোটি ডিজিটেল লেনদেনৰ বিপৰীতে ইয়াৰ সংখ্যা 2021 চনত 8.707 কোটিলৈ বৃদ্ধি পাব ৷ গ্ৰাহকৰ মাজত ধনৰ লেনদেন সম্পৰ্কত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে সংশ্লিষ্ট বিভাগত এটা হেল্পলাইনৰ দ্বাৰা গ্ৰাহকৰ সকলো সমস্যাৰে সমাধান কৰা হ'ব বুলি উল্লেখ কৰিছে ৰিজাৰ্ভ বেংকে ৷

ABOUT THE AUTHOR

...view details