নিউজ ডেস্ক,7 আগষ্ট: ৰিজাৰ্ভ বেংকে জুন নীতিত 2019-20 বৰ্ষৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধিত 7 শতাংশৰ পৰা কমাই 6.9 শতাংশ কৰে ৷ 2015ৰ বিত্তীয় বৰ্ষৰ দ্বিতীয় তিনিমাসিকৰ বাবে চিপিআই মুদ্ৰাস্ফীতি 3.1 শতাংশ আৰু 2015ৰ দ্বিতীয় ছমাহিকৰ বাবে 3.5-3.7 শতাংশ অনুমানিত হয় য'ত ৰিস্কৰ ভাৰসাম্যতা সন্তুলিত হয় ৷ এইয়া 2019 নীতিৰ ফেব্ৰুৱাৰী,এপ্ৰিল আৰু জুনৰ সমীক্ষাৰ পাছত ৰেপ' দৰত একেৰাহে চতুৰ্থবাৰৰ বাবে হ্ৰাস পাইছে৷
গৃহ,গাড়ী ক্ৰেতাৰ বাবে সুখবৰ...ৰেপ' ৰেটৰ হাৰ কমাত কমিল ই এম আইৰ পৰিমাণ - ETV BHARAT
বুধবাৰে ৰিজাৰ্ভ বেংকে চতুৰ্থ বাৰৰ বাবে মূল সূদৰ হাৰ হ্ৰাস কৰে ৷ ধীৰ গতিৰ অৰ্থব্যৱস্থাটোৰ উন্নয়নৰ বাবে ৰেপ' ৰেটৰ হাৰ 35 পইণ্ট কমাই 5.40 শতাংশ কৰা হয় ৷ ছয় সদস্যৰ মুদ্ৰা নীতি কমিটিয়ে (এম পি চি) মুদ্ৰানীতি সম্পৰ্কে উপযুক্ত অৱস্থান ধৰি ৰাখিছে ৷
ৰেপ' ৰেটৰ হাৰ কমাত কমিল ই এম আইৰ পৰিমাণ
ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শশীকান্ত দাসৰ অধ্যক্ষতাত ছয় সদস্যৰ মুদ্ৰা নীতি কমিটিয়ে 5 আগষ্টত বৈঠক আৰম্ভ কৰে ৷ এইখন 2019-20 বিত্তীয় বৰ্ষৰ তৃতীয় দ্বিমাসিক নীতি সমীক্ষাৰ বৈঠক৷
ৰেপ' ৰেট কি? ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংক সমূহক কম সময়ৰ বাবে যি দৰত ঋণ দিয়ে ৷ সেইয়াই হৈছে ৰেপ' ৰেট ৷ এই ৰেপ' দৰ হ্ৰাস পোৱাৰ ফলত বেংকৰ গ্ৰাহকক কম সুদত ব্যক্তিগত,অ'টো আৰু গৃহ ঋণ দিয়াত সক্ষম হ'ব ৷ আৰু ইয়াৰ ফলত ই এম আইত অৰ্থাৎ মাহেকীয়া কিস্তিৰ পৰিমাণ কম হ'ব ৷