বিজনেছ ডেস্ক, 8 জুলাই : পোহৰলৈ আহিছে পাঞ্জাৱ নেশ্বনেল বেংকৰ অন্য এক কেলেংকাৰী ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা পাঞ্জাৱ নেশ্বনেল বেংকৰ জৰিয়তে প্ৰায় 3,805 কোটি টকাৰ ঋণ গ্ৰহণ কৰি কেলেংকাৰী সংঘটিত কৰিছে ভুষন পাৱাৰ এণ্ড ষ্টিল লিমিটেড (বিপিএছএল) নামৰ এটা উদ্যোগে ৷ এই ঘটনাৰ দুদিন পাছতে শ্বেয়াৰ বজাৰৰ অংশীদাৰিত্বৰ পৰা 10 শতাংশ কৰ্তন গ'ল বেংকটোৰ ৷
কেলেংকাৰীৰে ভাৰাক্ৰান্ত পাঞ্জাৱ নেশ্বনেল বেংক : নিম্মগামী হ'ল শ্বেয়াৰ - NIRAV MODI
ভাৰতীয় অৰ্থনীতিক কঁপাই যোৱা নীৰৱ মোডী কেলেংকাৰীৰ পাছতে পোহৰলৈ আহিছে পাঞ্জাৱ নেশ্বনেল বেংকৰ আন এক কেলেংকাৰী ৷ ভুষন পাৱাৰ এণ্ড ষ্টীল লিমিটেডে প্ৰায় 3,805 কোটি টকাৰ কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে শ্বেয়াৰ বজাৰৰ অংশীদাৰিত্বৰ পৰা 10 শতাংশ কৰ্তন গ'ল পাঞ্জাৱ নেশ্বনেল বেংকৰ ৷
নিম্মগামী হ'ল পাঞ্জাৱ নেশ্বনেল বেংকৰ শ্বেয়াৰ
পিএন বিৰ উৰ্ধতন কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি,বিপিএছএলে বেংকৰ পুঁজিৰ অপব্যৱহাৰ কৰিছে ৷ উল্লেখ্য যে, প্ৰায় এবছৰ পূৰ্বেও পিএন বিৰে প্ৰায় 13,700 কোটি টকীয়া কেলেংকাৰীত জড়িত হৈ পৰিছিল নীৰৱ মোডী ৷ ভাৰতীয় বেংক ইতিহাসত ধুমুহাৰ সৃষ্টি কৰা এই ঘটনাৰ পাছতে লণ্ডনলৈ পলায়ন কৰিছিল নীৰৱ মোডী ৷