অসম

assam

ETV Bharat / business

ৰাজ্যসভাত গৃহীত অনিয়মিত জমা যোজনা প্ৰতিৰোধী বিধেয়ক 2019 - business news

বৃহৎ হাৰত সংঘটিত হোৱা বিত্তীয় কেলেংকাৰীৰ পৰা ক্ষুদ্ৰ বিনিয়োগকাৰীক সকাহ দিব এই আইনে ৷

অনুৰাগ ঠাকুৰ

By

Published : Jul 29, 2019, 6:07 PM IST

Updated : Jul 29, 2019, 7:37 PM IST

নিউজ ডেস্ক, 29 জুলাইঃ সোমবাৰে ৰাজ্যসভাই গৃহীত কৰে অনিয়মিত জমা যোজনা প্ৰতিৰোধী বিধেয়ক 2019 ৷ বিধেয়কখন বিগত 24 জুলাইত লোকসভাত গৃহীত হোৱাৰ পিচত আজি ৰাজ্যসভায়ো বিধেয়কখন গৃহীত কৰে ৷ ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিলেই বিধেয়কখন আইনত পৰিণত হ'ব ৷

বিত্তীয় কেলেংকাৰীত সাঙোৰ খাই পৰা ক্ষুদ্ৰ বিনিয়োগকাৰীসকলৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় বিত্ত বিভাগে উত্থাপন কৰিছিল বিধেয়কখন ৷ বিধেয়কখন আইনত পৰিণত হ'লে উদ্যোগপতিৰ লগতে অন্যান্য লোকৰ দ্বাৰা সংঘটিত হোৱা বৃহৎ বৃহৎ বিত্তীয় কেলেংকাৰীৰ ধন ওভোটাই অনাত সহায় কৰাৰ উপৰিও ক্ষুদ্ৰ বিনিয়োগকাৰীসকলৰ লগতে ধন বিনিয়োগ কৰা লোকসকলক বহু পৰিমাণে সকাহ প্ৰদান কৰিব ৷

বিধেয়কখন সন্দৰ্ভত আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এক উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰাৰ লগতে অনিয়মিত জমা যোজনাৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় আইন প্ৰনয়ন কৰাৰ কথা উল্লেখ কৰে বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰে ৷ বিধেয়কখন আইনত পৰিণত হ'লে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ে নিজা নিজা আইনৰ সহযোগত বিত্তীয় কেলেংকাৰী প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব ৷ বিধেয়কখনৰ দ্বাৰা বিত্তীয় কেলেংকাৰীত জড়িত হৈ পৰা উদ্যোগ তথা উদ্যোগপতিসকলক এবছৰৰ পৰা দহবছৰ পৰ্যন্ত জেল আৰু দুই লাখৰ পৰা পঞ্চাশ কোটি টকা পৰ্যন্ত জৰিমনাৰ বিধান ৰাখিছে কেন্দ্ৰীয় চৰকাৰে ৷

Last Updated : Jul 29, 2019, 7:37 PM IST

ABOUT THE AUTHOR

...view details