লোকসভাত গৃহীত গ্ৰাহক সুৰক্ষা বিধেয়ক - বিধেয়ক
মঙলবাৰে লোকসভাই গৃহীত কৰে গ্ৰাহক সুৰক্ষা বিধেয়ক, 2019 ৷ গ্ৰাহকৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃত্বশীল বিভাগ গঠন কৰাৰ ওপৰত গুৰুত্ব দি বিধেয়কখন উত্থাপন কৰা হৈছিল ৷ লোকসভাত বিধেয়কখনৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানে কয় যে, এই বিধেয়কখনে 1986 চনৰ গ্ৰাহক সুৰক্ষা আইনক বদলি কৰিব ৷
ৰামবিলাস পাছোৱান
নিউজ ডেস্ক, 30 জুলাইঃ মঙলবাৰে লোকসভাই গৃহীত কৰে গ্ৰাহক সুৰক্ষা বিধেয়ক, 2019 ৷সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিধেয়কখন উত্থাপন কৰা হৈছিল ৷ যদিহে বিধেয়কখন আইনত পৰিণত হয় তেতিয়াহ'লে গ্ৰাহক সুৰক্ষা অধিনিয়ম আইন, 1986ৰ বিলুপ্তি ঘটাই এক নতুন আইন প্ৰণয়ন হ'ব ৷ জিলা, ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ত গ্ৰাহক অভিযোগ নিষ্পত্তি আয়োগ গঠন কৰি গ্ৰাহক অধিকাৰক সুৰক্ষা প্ৰদান কৰিব নতুন আইনখনে ৷