অসম

assam

ETV Bharat / business

ভাৰতৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ নীতিয়ে ভংগ কৰিছে বিশ্ব বাণিজ্য সংস্থাৰ নিয়মঃ চীনা দূতাবাস

নিৰ্দিষ্ট কেইখন মান দেশৰ বিৰুদ্ধে বিনিয়োগৰ ক্ষেত্ৰত ভাৰতে বান্ধি দিয়া অতিৰিক্ত প্ৰতিবন্ধকতা সমূহে বিশ্ব বাণিজ্য সংস্থাৰ নিয়মক উলংঘা কৰা বুলি অভিযোগ তুলিছে চীনা দূতাবাসৰ মুখপাত্ৰ জি ৰঙে ।

By

Published : Apr 20, 2020, 7:38 PM IST

Updated : Apr 22, 2020, 10:19 AM IST

ভাৰতৰ প্ৰত্যক্ষ বৈদিশিক বিনিয়োগ নীতিয়ে ভংগ কৰছে  বিশ্ব বানিজ্য সংস্থাৰ নিয়মঃ চীনা দূতাবাস
ভাৰতৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ নীতিয়ে ভংগ কৰিছে বিশ্ব বাণিজ্য সংস্থাৰ নিয়মঃ চীনা দূতাবাস

নিউজ ডেস্ক, 20 এপ্ৰিলঃ ভাৰতে নিজৰ অৰ্থনীতি ব্যৱস্থা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত বৈদেশিক বিনিয়োগৰ ক্ষেত্ৰত বান্ধি দিছে কেতবোৰ কঠোৰ নিয়ম । বিশেষকৈ অচলাৱস্থাৰ সুযোগ লোৱা চীনৰ বিৰুদ্ধে আৰু অধিক কঠোৰ কৰা হৈছে নিয়ম,যাতে কৰ'ণা ভাইৰাছৰ লগত যুঁজি দুৰ্বল হৈ পৰা ভাৰতীয় অৰ্থনৈতিক অৱস্থাৰ সুবিধা ল'ব নোৱাৰে চীনে । ইয়াকে লৈ জাঙুৰ খাই উঠিছে চীন ।

ভাৰতস্থিত চীনা দূতাবাসৰ মুখপাত্ৰ জি ৰঙে কয় যে,ভাৰতে নিৰ্দিষ্ট কিছুমান দেশৰ বিৰুদ্ধে প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ নীতিৰ ক্ষেত্ৰত বান্ধি দিয়া কেতবোৰ প্ৰতিবন্ধকতাই ভংগ কৰিছে বিশ্ব বাণিজ্য সংস্থা(WTO)ৰ নিয়মক ।

আনহাতে ভাৰতৰ এই সিদ্ধান্তই G-20 ৰ নতুন নীতিৰ অন্তৰ্গত অ-বৈষম্যমূলক স্বচ্ছ বিনিয়োগৰ ব্যৱস্থাকো উলংঘা কৰা বুলি দাবী জনাই ।

উল্লেখ্য যে, COVID-19ৰ প্ৰভাৱত হ্ৰাস পাইছে উদ্যোগৰ শ্বেয়াৰ মূল্য । ইয়াৰে সুযোগ লৈ চীনে ক্ৰয় কৰিব বিচাৰিছিল অধিক শ্বেয়াৰ। কিন্তু ভাৰতে এই সুযোগ ল'ব নোৱাৰাকৈ কঠোৰ কৰিছে প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ নিয়ম ।

Last Updated : Apr 22, 2020, 10:19 AM IST

ABOUT THE AUTHOR

...view details