অসম

assam

ETV Bharat / business

বিশ্ববেংকৰ পৰা 1 বিলিয়ন আমেৰিকান ডলাৰ লাভ কৰিব ভাৰতে - বিশ্ববেংকৰ অধ্যক্ষ

বিশ্ববেংকে বৃহস্পতিবাৰে ভাৰতক জৰুৰীকালীন ভাবে 1 বিলিয়ন আমেৰিকান ডলাৰ দিয়াৰ ক্ষেত্ৰত মঞ্জুৰী প্ৰদান কৰে । কৰ'ণা ভাইৰাচ সংক্ৰমনৰ এই জটিল পৰিস্থিতিৰ পৰা অৰ্থনৈতিক ক্ষেত্ৰত সকাহ পাবলৈ এই ধনৰাশি প্ৰদান কৰিব বিশ্ব বেংকে ।

বিশ্ববেংকৰ পৰা 1 বিলিয়ন আমেৰিকান ডলাৰৰ সাহায্য লাভ কৰিব ভাৰতে
বিশ্ববেংকৰ পৰা 1 বিলিয়ন আমেৰিকান ডলাৰৰ সাহায্য লাভ কৰিব ভাৰতে

By

Published : Apr 3, 2020, 10:22 AM IST

Updated : Apr 3, 2020, 12:20 PM IST

নিউজ ডেস্ক, 3 এপ্ৰিলঃ কোভিড-19ৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে 1 বিলিয়ন আমেৰিকান ডলাৰলাভ কৰিব বিশ্ব বেংকৰ পৰা । জৰুৰীকালীন বিত্তপোষন হিচাপে প্ৰদান কৰিব এই ধনৰাশি । বৃহস্পতিবাৰে বিশ্ববেংকে ঘোষণা কৰে এই কথা ।

এই ধনৰাশিয়ে স্ক্ৰিনিং, কোভিড আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শত অহা লোকক ট্ৰেচ কৰা, আৰু পৰীক্ষাগাৰ ডায়াগনস্টিক্স, ব্যক্তিগত সুৰাক্ষাৰ সামগ্ৰী ক্ৰয়, নতুন আছুতীয়া কক্ষ প্ৰস্তুত কৰণ ইত্যাদি কামত এই সহায় কৰিব বুলি বিশ্ববেংকে উল্লেখ কৰে ।

এই সহায় 24 খন দেশে লাভ কৰিব আৰু এই অপাৰেচন 40 খনৰ অধিক দেশলৈ প্ৰসাৰিত হ'ব । আগন্তক 15 মাহত দৰিদ্ৰ আৰু দুৰ্বল সকলক সহায়ৰ বাবে, ব্যৱসায়িক দিশৰ সহায়ৰ বাবে, আৰু ক্ষতিগ্ৰস্থ অৰ্থনীতিক সহায়ৰ বাবে 160 আমেৰিকান বিলিয়ন ডলাৰ খৰচ কৰাৰ পৰিকল্পনা কৰিছে বিশ্ববেংকে ।

বিশ্ববেংকৰ অধ্যক্ষ ডেভিদ মালপাচে কয় যে, বিশ্ববেংকে উন্নয়ণশীল দেশ সমূহত কভিড-19 ৰ বাবে ক্ষতিগ্ৰস্থ হোৱা অৰ্থনৈতিক আৰু সামাজিক ক্ষতিৰ পৰা উদ্ধাৰ কৰাত গুৰুত্ব দিছে ।

Last Updated : Apr 3, 2020, 12:20 PM IST

ABOUT THE AUTHOR

...view details