ETV Bharat Assam

অসম

assam

ETV Bharat / business

অত্যাধিক ধনী,বৈদেশিক কোম্পানীসমূহক অধিক কৰ জাপিবলৈ পৰামৰ্শ কৰ বিষয়াৰ - 'Force' নামৰ ভাৰতীয় ৰাজহ সেৱাৰ পত্ৰ

অত্য়ধিক ধনী আৰু বৈদেশিক কোম্পানীসমূহক অধিক কৰ জাপিবলৈ পৰামৰ্শ কৰ বিষয়াৰ ৷ 40 শতাংশলৈ কৰ কৰ্তনৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ ৷

অত্যধিক ধনী, বৈদেশিক কোম্পানীক কৰ জাপি দিয়াৰ পৰামৰ্শ
অধিক কৰ জাপিবলৈ পৰামৰ্শ কৰ বিষয়াৰ
author img

By

Published : Apr 26, 2020, 8:56 PM IST

বিজনেছ ডেস্ক, 26 এপ্ৰিল : জ্যেষ্ঠ কৰ বিষয়াৰ এটা দলে পৰামৰ্শ আগবঢ়াইছে যে,বৈদেশিক কোম্পানীসমূহ আৰু দেশৰ অত্যধিক ধনী ব্যক্তিসকলক অধিক কৰ জাপি দিয়া উচিত ৷ ইয়াৰ জৰিয়তে চৰকাৰে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে হ্ৰস্ৰম্য়াদী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বুলি পৰামৰ্শ আগবঢ়াইছে কৰ বিষয়াসকলে ৷

'Force' নামৰ ভাৰতীয় ৰাজহ সেৱাই (Indian Revenue Service) প্ৰস্তুত কৰি উলিওৱা এখন পত্ৰত প্ৰকাশ পাইছে পৰামৰ্শ ৷

এই পত্ৰ অনুসৰি,সৎ আৰু আজ্ঞাকাৰী কৰদাতাৰ ক্ষেত্ৰত কৰ ৰেহাই দিয়া উচিত ৷ অৰ্থাৎ যিসকলে সময়ত কৰ প্ৰদান কৰে কৰ ৰেহাইৰ ব্যৱস্থা কেৱল সেইসকলৰ বাবে সীমিত থকা উচিত ৷ কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ভাট্টা কৰ্তন কৰাৰ ফলত চৰকাৰে 37,000 কোটি টকা সঞ্চয় কৰিব পাৰিব ৷ পত্ৰখনত উল্লেখ থকা অনুসৰি,হ্ৰস্ৰম্য়াদী ব্যৱস্থা হিচাপে সৰ্বোচ্চ কৰ কৰ্তন 40 শতাংশলৈ বৃদ্ধি কৰিব লাগে ৷ 1 কোটিতকৈ অধিক আয় কৰা লোকসকলৰ 30 শতাংশ আয়ৰ পৰা 40 শতাংশ কৰ কৰ্তন কৰা উচিত ৷ হ্ৰস্ৰম্য়াদী মানে 3-6 মাহৰ কথা উল্লেখ কৰা হৈছে পত্ৰখনত ৷ এই পত্ৰখন 50 জনীয়া ভাৰতীয় ৰাজহ সেৱাৰ বিষয়াৰ এটা দলে প্ৰস্তুত কৰি উলিয়াইছে ৷

লগতে চাওকঃ COVID-19ৰ ফলত সামাজিক অপবাদ এক 'বৃহৎ প্ৰত্যাহ্বান' : স্বাস্থ্য সচিব

ABOUT THE AUTHOR

...view details