নিউজ ডেস্ক, 20 এপ্ৰিলঃ ব্যক্তিগত বিমান প্ৰতিষ্ঠান সমূহে বন্ধ কৰা নাই অগ্ৰিম বুকিঙৰ ব্যৱস্থা । 4 মে'ৰ পাচৰ উৰণৰ বাবে অব্যাহত ৰাখিছে বুকিং । বিমান মন্ত্ৰীৰ পৰামৰ্শক অমান্য কৰি অব্যাহত ৰাখিছে এই সমূহ অগ্ৰিম বুকিং । কিয়নো,অসামৰিক বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে পৰামৰ্শ দিছিল যে,চৰকাৰে বিমানৰ উৰণ সম্পৰ্কে নিৰ্দিষ্ট কোনো সিদ্ধান্ত নোলোৱালৈকে স্থগিত ৰাখিব লাগে বিমান টিকট বুকিং।
বিমান মন্ত্ৰীৰ পৰামৰ্শৰ পাচতো ব্যক্তিগত এয়াৰলাইনচে সম্পন্ন কৰি আছে বুকিং - বিমান মন্ত্ৰীৰ পৰামৰ্শক অমান্য
অসামৰিক বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ পৰামৰ্শৰ পাচতো ব্যক্তিগত বিমান প্ৰতিষ্ঠান সমূহে অব্যাহত ৰাখিছে বিমান বুকিঙৰ ব্যৱস্থা । চৰকাৰে কোনো সিদ্ধান্ত লোৱাৰ পাচতহে বিমান টিকটৰ অগ্ৰিম বুকিঙৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিছিল যদিও মে'ৰ 4 তাৰিখৰ পিচৰ উৰণৰ বাবে টিকটৰ অগ্ৰিম বুকিং গ্ৰহণ আছে ব্যক্তিগত বিমান প্ৰতিষ্ঠান সমূহে ।
ইণ্ডিগ',ভিষ্টাৰা আৰু স্পাইছজেটৰ ৱেবচাইটত দেখিবলৈ পোৱা গৈছে বুকিংৰ ব্যৱস্থা। বিশেষকৈ মুম্বাই,দিল্লী,চেন্নাই,কলকাতা আৰু বেংগালুৰুৰ পৰা যাত্ৰা কৰিব পৰিব গ্ৰাহকসকলে ।এয়াৰ ইণ্ডিয়াই ঘোষণা কৰিছে যে, 4 মে'ৰ পৰা আৰম্ভ কৰিব বুকিং । আনহাতে ইণ্ডিগ'ই প্ৰকাশ কৰিছে যে 4 মে'ৰ পৰা আৰম্ভ কৰিব উৰণ । আনহাতে বিমান মন্ত্ৰণালয়ে দিয়া পৰামৰ্শৰ ওপৰত ভিত্তি কৰি অসামৰিক সাধাৰণ বিমান সঞ্চালকালয়ে (DGCA-এ) শীঘ্ৰেই জাৰি কৰিব এক নিৰ্দেশনা ।আনহাতে 24 মাৰ্চৰ পৰা 3 মে'লৈ লক ডাউনৰ বাবে বাতিল হোৱা বিমানৰ ধন সমূহ গ্ৰাহকক উভতাই দিবলৈ নিৰ্দেশনা দিছিল সংশ্লিষ্ট মন্ত্ৰণালয়টোৱে ।