অসম

assam

ETV Bharat / business

অৰ্থনৈতিক সংকটত বিএছএনএলঃ চাটাই কৰিব চুক্তিৱদ্ধ কৰ্মচাৰী

অৰ্থনৈতিক সংকটৰ কৰাল গ্ৰাসে আৱৰি ধৰিছে ৰাজহুৱা টেলিকম সেৱা ভাৰত সঞ্চাৰ নিগম লিমিটেডক ৷ বিজেপি চৰকাৰে ইটোৰ পিচত সিটো ব্যক্তিগত উদ্যোগক প্ৰাধান্য দিয়াৰ সময়তে এইদৰে মৃত্যুমুখলৈ গতি কৰিছে ইটোৰ পিচত সিটো ৰাজহুৱা উদ্যোগ ৷

বিএছএনএল

By

Published : Jun 10, 2019, 7:32 PM IST

নিউজ ডেস্ক, 10 জুনঃ দেশত ইটোৰ পিচত সিটো ৰাজহুৱা উদ্যোগে গতি কৰিব লৈছে মৃত্যুমুখলৈ ৷ এইবাৰ অৰ্থনৈতিক সংকটৰ কৰাল গ্ৰাসত পৰিল ৰাজহুৱা খণ্ডৰ টেলিকম সেৱা ভাৰত সঞ্চাৰ নিগম লিমিটেড ৷ প্ৰতিষ্ঠানটোৱে নিজৰ অৰ্থনৈতিক ভাৰসাম্যতা ৰক্ষা কৰিবলৈ তেওঁলোকৰ লগত কৰ্মৰত চুক্তিৱদ্ধ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

জুন মাহৰ চাৰি তাৰিখে কৰ্পৰেট অফিচৰ পৰা জাৰি কৰা এক পত্ৰযোগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিএছএনএলে ৷ হাউচকিপিং চিকিউৰিটী আৰু ডাটা ফিদিং খণ্ডত কৰ্মৰত চুক্তিৱদ্ধ কৰ্মচাৰীসকলক একেবাৰেই চাকিৰৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত লৈছে টেলিকম খণ্ডটোৱে ৷ টকাৰ অভাৱৰ বাবেই এইসকল কৰ্মচাৰীক স্থায়ীৰূপে চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিএছএনএলে ৷

উল্লেখ্য যে, 2004 চনলৈকে দহহাজাৰ কোটিৰ লাভত থকা সংস্থাটোৱে ইয়াৰ পিচৰ দহ বছৰত আঠহাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে ৷

ABOUT THE AUTHOR

...view details