অসম

assam

ETV Bharat / business

কোভিড-১৯ : কৰদাতাসকললৈ সকাহ বিত্ত মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু ৰাজহ ব'ৰ্ডে জিএছটি কৰ প্ৰদানকাৰীসকলক কোভিড-১৯ৰ পৰিস্থিতিৰ মাজতে সহায় কৰিবলৈ সম্পূৰ্ণৰূপে দায়ৱদ্ধ আৰু ৭,৭৮৩ টা দাবীৰ সৰ্বমুঠ ৩,৮৫৪ কোটি টকা বিগত সপ্তাহত ওভোটাই দিয়া হয় । ব'ৰ্ডে এক বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ।

By

Published : Apr 18, 2020, 1:31 PM IST

কেন্দ্ৰীয় আয়কৰ বিভাগ
কেন্দ্ৰীয় আয়কৰ বিভাগ

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃকেন্দ্ৰীয় ৰাজহ বিভাগে ৩০ মাৰ্চৰ পৰা বাণিজ্যখণ্ডক বিশেষকৈ ক্ষুদ্ৰ আৰু মধ্যম খণ্ডৰ এন্টাৰপ্ৰাইজ সমূহৰ লগতে অন্য়ান্য ক্ষুদ্ৰ বাণিজ্যিক প্ৰতিষ্ঠানসমূহক সহায় কৰিবলৈ প্ৰায় ১০,৭৭৯ কোটি টকাৰ ৰাজহ ঘুৰাই দিছে । ইয়াৰ বিপৰীতে কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু ৰাজহ ব'ৰ্ডে ৩০ মাৰ্চৰ পৰা ১২,৯২৩টা দাবীৰ প্ৰায় ৫,৫৭৫ কোটি টকা ঘুৰাই দিয়াৰ লগতে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ডে ৮ এপ্ৰিলৰ পৰা ৫,২০৪ কোটি টকা ওভোটাই দিছে বুলি ৰাজহ বিভাগে সদৰী কৰিছে ।

কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু ৰাজহ ব'ৰ্ড চমুকৈ চিবিকে জিএছটি কৰ প্ৰদানকাৰীসকলক কোভিড-১৯ৰ পৰিস্থিতিৰ মাজতে সহায় কৰিবলৈ সম্পূৰ্ণৰূপে দায়ৱদ্ধ আৰু ৭,৭৮৩ টা দাবীৰ সৰ্বমুঠ ৩,৮৫৪ কোটি টকা বিগত সপ্তাহত ওভোটাই দিয়া হয় । ব'ৰ্ডে এক বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে । চিবিকে প্ৰকাশ কৰা অনুসৰি, সমগ্ৰ প্ৰক্ৰিয়াটোত Harmonised System of Nomenclature (HSL) আৰু Service Accounting Code (SAC)ৰ সহায় লোৱা হৈছিল ।

চিবিকে প্ৰকাশ কৰা অনুসৰি, দাবীসমূহ নিষ্ক্ৰিয় কৰাৰ সময়ত সন্মুখীন হোৱা সমস্যাৰ লগতে বাণিজ্যত সন্মুখীন হোৱা বাধাসমূহৰ সকলো বিশেষ তথ্য শীঘ্ৰেই ৰাজহুৱা কৰা হ'ব ।

চিবিডিটিয়ে ঘুৰাই দিলে ৫,২০৪ কোটি

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ড চমুকৈ চিবিডিটিয়ে ৮ এপ্ৰিলৰ পৰা প্ৰায় ৮.২ লাখ ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা দাবী কৰা প্ৰায় ৫,২০৪ কোটি আয়কৰ ওভোটাই দিছে । কৰ্পৰেট, পাৰ্টনাৰশ্বীপ ফাৰ্ম, ট্ৰাষ্ট্ৰ আৰু প্ৰোপ্ৰিয়েটৰ ফাৰ্মক এইসমূহ আয়কৰ ঘুৰাই দিয়া হৈছে ।

“এইসমূহ ৰেহাই দিয়া আয়কৰে অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যম এন্টাৰপ্ৰাইজসমূহক কোভিড-১৯ মহামাৰীৰ সময়ত পে কাট (Pay Cuts) অবিহনে তেওঁলোকৰ ব্যৱসায় চলাই নিয়াত সহায় কৰিব ।” ব'ৰ্ডে ইটিভি ভাৰতৰ আগত এই কথা উল্লেখ কৰে ।

চিবিডিটিয়ে লগতে কয় যে, আয়কৰ বিভাগে ৮ এপ্ৰিলৰ পৰা ৫লাখৰ পৰা ১৪ লাখলৈ এইদৰে ৰেহাই ঘুৰাই দিছে । কৰদাতা সকলক কোভিড-১৯ মহামাৰীৰ সময়ত সহায়ক হোৱাকৈ এইদৰে ৰাজহ দাবী উভোটাই দিয়া হয় ।

ব'ৰ্ডে লগতে উল্লেখ কৰা অনুসৰি, ক্ষুদ্ৰ ব্যৱসায়ীসকলক সহায় কৰিবলৈ তেওঁলোক দায়ৱদ্ধ আৰু অতিশীঘ্ৰেই ব'ৰ্ডে ৭,৭৬০ কোটিৰ দাবী ৰাজহ কৰদাতাসকলক ওভোটাই দিব । দেশৰ মুখ্য কৰসংগ্ৰহকাৰী বিভাগটোৱে এতিয়ালৈকে ১.৭৪ লাখ কৰদাতালৈ তেওঁলোকৰ বাকী থকা কৰ প্ৰদান কৰিবলৈ জাননী জাৰী কৰিছে । এইক্ষেত্ৰত ব'ৰ্ডক সাতদিনৰ ভিতৰত কৰদাতাসকলে যোগাযোগ কৰিব পাৰিব আৰু সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইন হিচাপে কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

- বাতৰিটো যুগুত কৰিছে জ্যেষ্ঠ সাংবাদিক কৃষ্ণানন্দ ত্ৰিপাঠীয়ে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details