অসম

assam

ETV Bharat / business

আয় অসমতাৰ সন্দৰ্ভত প্ৰণৱ মুখাৰ্জীৰ চিন্তা ব্যক্ত

এ আই এম এ মেনেজিং ইণ্ডিয়া এৱাৰ্ড নামৰ অনুষ্ঠানত কৰ্পোৰেটক সম্বোধন কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ ভাষণ ৷ আয়ৰ তাৰতম্য হ্ৰাস কৰি সম আয় বৃদ্ধিৰ পোষকতা কৰাৰ বাবে আহ্বান প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ

ণৱ মুখাৰ্জী

By

Published : Apr 9, 2019, 7:47 PM IST

নিউজ ডেস্ক, 9 এপ্ৰিলঃ "ভাৰতবৰ্ষক এনে এজন নেতাৰ প্ৰয়োজন যিয়ে ৰাষ্ট্ৰৰ আশা-আকাংক্ষা সমূহ পূৰ কৰাত সহায় কৰিব পাৰে ৷ দৰিদ্ৰতাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'বলৈ এই দেশে এতিয়াও এক দীঘলীয়া পথ অতিক্ৰম কৰিব লাগিব" এই মন্তব্য দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷ এ আই এম এ মেনেজিং ইণ্ডিয়া এৱাৰ্ড নামৰ অনুষ্ঠানত কৰ্পোৰেটক সম্বোধন কৰি এই বক্তব্য দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ ৷

তেওঁ লগতে এই বুলিও চিন্তা ব্যক্ত কৰে যে, ভাৰতৰ 1 শতাংশ জনতাৰ হাতত দেশখনৰ 60 শতাংশৰো অধিক সম্পত্তি আছে আৰু সেয়ে দেশৰ দৰিদ্ৰতা নিৰ্মূলত সহায় কৰাৰ বাবেই কৰ্পোৰেট খণ্ডক আমন্ত্ৰণ জনোৱা হৈছিল ৷ " এই স্থিতি চিন্তাজনক হয় যেতিয়া এইটো সংখ্যালৈ চোৱা যায় যে 60 শতাংশৰো অধিক সম্পদ কেৱল মাত্ৰ এক শতাংশ জনসংখ্যাৰ মাজত আছে ৷ এই ধৰণৰ সংখ্যাই আমাৰ ৰাষ্ট্ৰীয় বিবেকত বোজাৰ সৃষ্টি কৰিব ৷ এই সংখ্যাই ইয়াৰো ইংগিত প্ৰদান কৰে যে আমাৰ বৃদ্ধিক সমানভাৱে আগুৱাই নিয়াৰ প্ৰয়োজন, যাতে কোনো পাছপৰি ৰ'লেও তেওঁক উন্নয়নৰ দিশে লৈ যাব পাৰে" বুলি প্ৰণৱ মুখাৰ্জীয়ে কয় ৷ তেওঁ লগতে ইয়াকো কয় যে, কেৱল ব্যক্তিগত লাভৰ বাবেই ধনৰ সৃষ্টি কৰিলে সেয়াই পিছলৈ বিশাল পৰিমাণৰ আয়ৰ তাৰতম্য আনে ৷ সেয়ে উদ্যোগপতি সকলক সামাজিক লক্ষ্য আগত লৈ ব্যক্তিগত সম্পদৰ লগতে সামাজিক ক্ষেত্ৰতো অৰ্থনৈতিক অৰিহণা আগবঢ়াবলৈ আহ্বান জনাই, যাৰ ফলত সমাজৰ এক বৃহৎ সংখ্যক লোক উপকৃত হ'ব পাৰে ৷

উল্লেখ্য যে, আন্তৰ্জাতিক মুদ্ৰা নিধি চমুকৈ আই এম এফৰ তথ্য অনুসৰি ভাৰতবৰ্ষ বৰ্তমান বিশ্বৰ সপ্তম বৃহৎ অৰ্থনীতিৰ দেশ ৷ ভাৰতৰ অৰ্থনীতিৰ আকাৰ হৈছে আমেৰিকান ডলাৰ 2.69 ট্ৰিলিয়ন ৷ আনহাতে, ৰাষ্ট্ৰসংঘৰ তথ্যমতে ভাৰতবৰ্ষত মুঠ ঘৰুৱা উৎপাদন 2019-20 বৰ্ষত 7.6 শতাংশলৈ বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে আৰু 2019 চনৰ মাৰ্চলৈকে মুঠ ঘৰুৱা উৎপাদন 7.4 শতাংশ ৷

ABOUT THE AUTHOR

...view details