অসম

assam

ETV Bharat / business

সোমবাৰৰ পৰা জন ধনৰ একাউন্টত পাব দ্বিতীয় কিষ্টিৰ 500 টকাঃ বিত্ত মন্ত্ৰী - কেন্দ্ৰীয় বিত্ত মন্ত্ৰী

এপ্ৰিল মাহৰ 22 তাৰিখলৈ দেশৰ 20.05 কোটি মহিলাই ধন জন একাউন্টৰ জৰিয়তে ধন লাভ কৰিছিল । ইয়াৰ বাবে কেন্দ্ৰৰ ব্যয় হৈছিল 10,025 কোটি টকা । ইয়াৰ দ্বিতীয় কিষ্টিৰ ধন আদায় দিয়া হ'ব সোমবাৰৰ পৰা ।

নসোমবাৰৰ পৰা জন ধনৰ একাউন্টত দ্বিতীয় কৃষ্টিৰ 500 টকাঃ বিত্ত মন্ত্ৰী
সোমবাৰৰ পৰা জন ধনৰ একাউন্টত দ্বিতীয় কৃষ্টিৰ 500 টকাঃ বিত্ত মন্ত্ৰী

By

Published : May 2, 2020, 5:24 PM IST

নিউজ ডেস্কঃ মহিলা সকলৰ জন ধন একাউন্টলৈ দ্বিতীয় কিষ্টিৰ ধন আদায় দিয়া হ'ব সোমবাৰৰ পৰা । দ্বিতীয় কিষ্টিত হিতাধিকাৰীয়ে 500 টকাকৈ লাভ কৰিব । কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতৰমণে প্ৰকাশ কৰিছে এই তথ্য ।

কৰ'ণা ভাইৰাছ সংকটৰ সময়ত দৰিদ্ৰ লোক সকলক সহায়ৰ বাবে মহিলাৰ জন ধন একাউন্টত তিনিমাহৰ বাবে 500 টকাকৈ প্ৰদান কৰা কথা ঘোষণা কৰিছিল । সেই অনুসৰি 26 মাৰ্চত প্ৰথম কিষ্টি প্ৰদান কৰা হৈছিল ।

হিতাধিকাৰী সকলে যাতে ধন উলিয়াবলৈ আহি সামাজিক দূৰত্ব মানি চলে আৰু চৰকাৰে নিৰ্ধাৰণ কৰা নিয়ম মানিব পাৰে তাৰ বাবে টুইট যোগে আহ্বান জনাইছে বিত্তীয় বিভাগৰ সচিব দেবাশিস পাণ্ডাই ।

আনহাতে ধন উলিওৱাৰ সময়ত বেংক বা অএটিএমত যাতে ভিৰ নহয় তাৰ বাবে চৰকাৰে লৈছে ব্যৱস্থা । এই অনুসৰি যি সকল হিতাধিকৰীৰ বেংক একাউন্ট নম্বৰৰ শেষত 0 বা 1 আছে তেওঁলোকে 4 মে'ত ধন উলিয়াব পাৰিব । আনহাতে 2 আৰু 3 সংখ্যাৰে একাউন্ট সমাপ্ত হোৱা সকলে ধন উলিয়াব পাৰিব 5 মে'ত । একেদৰে 4 আৰু 5 সংখ্যা থকা সকলে 6 মে'ত আৰু 6-7 নম্বৰৰ গৰাকীয়ে 8 মে'ত ধন উলিয়াব পাৰিব । আনহাতে 11 মে'ত ধন লাভ কৰিব 8 আৰু 9 নম্বৰেৰে বেংক একাউণ্ট নম্বৰ শেষ হোৱা হিতাধিকাৰীয়ে ।

যদি এই সূচীমতে কোনো লোক বাদ পৰে তেন্তে 11 মে'ৰ পাচত তেওঁলোকে ধন উলিয়াব পাৰিব ।

এপ্ৰিল মাহৰ 22 তাৰিখলৈ দেশৰ 20.05 কোটি মহিলাই ধন জন একাউন্টৰ জৰিয়তে ধন লাভ কৰিছিল । ইয়াৰ বাবে কেন্দ্ৰৰ ব্যয় হৈছিল 10,025 কোটি টকা । আনহাতে খাদ্য আৰু দৰিদ্ৰ লোকক ৰন্ধন গেছ যোগান ধৰাৰ বাবে 1.7 লাখ কোটি টকাৰ উদ্দীপনামূলক সাহায্যপুঁজিৰ কথা ঘোষণা কৰিছিল ।

ABOUT THE AUTHOR

...view details