নিউজ ডেস্ক, 28 এপ্ৰিলঃ ভাৰতত নকিয়াৰ সৈতে শক্তিশালী 4G নেটৱৰ্ক প্ৰদান কৰা এয়াৰটেলে 5G যুগৰ বাবে পুনৰ চুক্তিবদ্ধ হৈছে নকিয়াৰ সৈতে । ইায়াৰ বাবে এয়াৰটেলে বিনিয়োগ কৰিছে 1 বিলিয়ন আমেৰিকান ডলাৰ । যাৰ ভাৰতীয় মূল্য 7,636 কোটি টকা ।
নকিয়া হৈছে এয়াৰটেল নেটৱৰ্কৰ সৰ্ববৃহৎ ভেন্দৰ । এই চুক্তিৰ ফলত নকিয়াই এয়াৰটেলক 5G নেটৱৰ্কত সহায় কৰিবলৈ 300,000 ৰেডিঅ' ইউনিট স্থাপন কৰিব । 2022 চনৰ ভিতৰত সম্পূৰ্ণ কৰিব এই লক্ষ ।