কোকৰাঝাৰ, ২মেঃ বৃহস্পতিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেছন অসম নামৰ সংগঠনটোৱে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত সংগঠনটোৰ সভাপতি মাৰ্কুচ বসুমতাৰীয়ে কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াক গ্ৰেপ্তাৰৰ দাবী জনায়। বসুমতাৰীয়ে ১৫ লাখ অবড়োক উচ্ছেদ কৰিলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলিও মন্তব্য কৰে সংবাদমেলত ।
ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেছনৰ সংবাদমেল কোকৰাঝাৰ প্ৰেছ ক্লাৱত - বি.টি.এ.ডি
কোকৰাঝাৰ প্ৰেছ ক্লাৱত ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেছন অসমে এখন সংবাদমেল সম্বোধন কৰি সংবাদমেলত নৱ কুমাৰ শৰণীয়াক গ্ৰেপ্তাৰৰ দাবী জনায়, হীৰা শৰণীয়াক উচতনিমূলক মন্তব্য কৰাৰ পৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কৰে
ইফালে, সভাপতিগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে অসম চৰকাৰে বি.টি.এ.ডিৰ ভূমি অবড়োসকলে অবৈধভাৱে দখল কৰি থকাৰ সঠিক তথ্য দিবলৈ দাবী জনায় প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াক। সংগঠনটোৰ সভাপতি মাৰ্কুচ বসুমতাৰীয়ে 'ট্ৰাইবেল বেল্ট এণ্ড ব্লক(Tribal Belt & Block)ক লৈ নৱ কুমাৰ শৰণীয়াৰ লগতে হীৰা শৰণীয়াই বড়ো আৰু অবড়োসকলৰ মাজত ৰাজনীতি কৰি থকা বুলি মন্তব্য কৰে। আনহাতে সংগঠনৰ নেতাগৰাকীয়ে সংবাদমেলত যিসকল অজনজাতি লোকে "Tribal Belt & Block" গঠন হোৱাৰ পূৰ্বৰে পৰা এই এলেকাসমূহত বসবাস কৰি আছে তেওঁলোকে শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি নিজৰ ৰাজনৈতিক লাভৰ বাবে উচতনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই হীৰা শৰণীয়াক।