অসম

assam

ETV Bharat / briefs

তিব্বত ভ্ৰমণৰ ক্ষেত্ৰত চীনা বিষয়াৰ ভিচা কৰ্তন আমেৰিকাৰ - ভিচাৰ ক্ষেত্ৰত আমেৰিকাৰ নিষেধাজ্ঞা

"আমেৰিকাই সদায় স্থায়ী আৰ্থিক বিকাশ,পৰিৱেশ সংৰক্ষণ আৰু চীন তথা আন আন বিদেশী তিব্বতি সম্প্ৰদায়ৰ লোকসকলৰ মানৱীয় স্থিতিক আগবঢ়াই নিবৰ বাবে কাম কৰি যাব । লগতে,তিব্বতীসকলৰ ধৰ্ম,সংস্কৃতি আৰু ভাষাৰ সংৰক্ষণৰ বাবে আমেৰিকা সদায় প্ৰতিশ্ৰতিবদ্ধ বুলি মাইক পোম্পিঅ'ই প্ৰকাশ কৰে।

আমেৰিকা
US hits Chinese officials with visa bans over Tibet access

By

Published : Jul 8, 2020, 1:13 PM IST

নিউজ ডেস্ক, ৮ জুলাইঃ মঙলবাৰে আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে চীনৰ সৈতে তেওঁলোকৰ কূটনৈতিক যুদ্ধত চীনৰ বিষয়াসকলৰ ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি তিব্বতত বিদেশী লোক যোৱাৰ ক্ষেত্ৰত বাধা আহি পৰিছে।

তিব্বত ভ্ৰমনৰ ক্ষেত্ৰত চীনা বিষয়াৰ ভিচা কৰ্তন আমেৰিকাৰ

আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পোম্পিঅ'ই "Reciprocal Access to Tibet"আইন অনুসৰি চীনৰ বিষয়াসকলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা জাৰি কৰে। পোম্পিঅ'ই মঙলবাৰে এক টুইটযোগে "People's Republic of Chinaৰ বিষয়াসকলৰ ভিচাৰ ক্ষেত্ৰত নিষেধাজ্ঞা ঘোষণা কৰিছো" বুলি প্ৰকাশ কৰে।

চীনে অবিছিন্নভাৱে আমেৰিকাৰ ৰাজনৈতিক তথা অন্যান্য বিষয়া,সাংবাদিক আৰু পৰ্যটকসকলক তিব্বত স্বায়ত্তশাসিত অঞ্চল আৰু অন্যান্য তিব্বতীয় অঞ্চলসমূহত ভ্ৰমণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আহিছে। কিন্তু চীনৰ বিষয়া তথা অন্যান্য নাগৰিকসকল আমেৰিকালৈ অহাৰ ক্ষেত্ৰত পূৰ্ণ স্বাধীনতা আছিল বুলি পোম্পিঅ'ই প্ৰকাশ কৰে।

আমেৰিকাৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,-"চীন চৰকাৰ আৰু চীন কমিউনিষ্ট দলসমূহৰ কৰ্ম-কৰ্তাসকলক ভিচাৰ ক্ষেত্ৰত আমেৰিকাই নিষেধাজ্ঞা ঘোষণা কৰিছে। তিব্বত অঞ্চলত শান্তি ৰক্ষাৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰাটো অন্যন্ত জৰুৰী আছিল। কাৰণ,উক্ত অঞ্চলত মানৱ অধিকাৰ উলংঘন হৈ আছে।"

"আমেৰিকাই সদায় স্থায়ী আৰ্থিক বিকাশ, পৰিবেশ সংৰক্ষণ আৰু চীন তথা আন আন বিদেশী তিব্বতি সম্প্ৰদায়ৰ লোকসকলৰ মানৱীয় স্থিতিক আগবঢ়াই নিবৰ বাবে কাম কৰি যাব । লগতে,তিব্বতীসকলৰ ধৰ্ম,সংস্কৃতি আৰু ভাষাৰ সংৰক্ষণৰ বাবে আমেৰিকা সদায় প্ৰতিশ্ৰতিবদ্ধ বুলি মাইক পোম্পিঅ'ই প্ৰকাশ কৰে।

লগতে চাওকঃ কাণপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেৰ ঘনিষ্ঠ অমৰ ডুবে নিহত

ABOUT THE AUTHOR

...view details