ধুবুৰী, 6 অক্টোবৰ :ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চাউল। ধুবুৰীত দীৰ্ঘ দিনৰে পৰা অব্যাহত আছে বগা চাউলৰ বৃহৎ কলা বজাৰ। চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কুইন্টল কুইন্টল বগা চাউল বিক্ৰী হৈছে কলা বজাৰত। তেনে এক খবৰৰ ভিত্তিত নিশা ধুবুৰীৰ আলমগঞ্জ অঞ্চলত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় দুশ কুইন্টল চোৰাং চাউল। একাংশ অসাধু লোকে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কলা বজাৰত বিক্ৰীৰ বাবে নিয়াৰ সময়তে জব্দ কৰে ধুবুৰী আৰক্ষীয়ে। ইফালে জব্দ কৰা চাউল সমূহ ধুবুৰী সদৰ আৰক্ষী থানাত ৰখা হৈছে।
ধুবুৰীত আৰক্ষীৰ জালত দুশ কুইন্টল চোৰাং চাউল
ধুবুৰীৰ আলমগঞ্জ অঞ্চলত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় দুশ কুইন্টল চোৰাং চাউল।
ধুবুৰীত আৰক্ষীৰ জালত দুশ কুইন্টল চোৰাং চাউল
ইপিনে এই চাউলৰ বৃহৎ চোৰাং কাৰবাৰৰ সৈতে জড়িত থকা ছাহিনুৰ আলম নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে। অৱশ্যে ধুবুৰী আৰক্ষীয়ে চোৰাং চাউল সৰবৰাহৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে যদিওঁ এই চোৰাং কাৰবাৰত জড়িত থকা চাউল মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।