যোৰহাট, 20 মে': পৱিত্ৰ ৰমজান মাহ উপলক্ষে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আয়োজন কৰে সমূহীয়া ইফটাৰৰ ৷ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টীয়কৰ মা-বিবাহ ভৱনত আয়োজন কৰা হয় এই সমূহীয়া ইফটাৰৰ ৷ সমগ্ৰ অসম তথা ভাৰতত শান্তি আৰু ভাতৃত্ববোধ কামনাৰ অৰ্থে এই সমূহীয়া ইফটাৰৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷
টীয়কত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সমূহীয়া ইফটাৰ - Iftar
পৱিত্ৰ ৰমজান মাহ উপলক্ষে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টিয়কৰ মা-বিবাহ ভৱনত আয়োজন কৰা হয় সমূহীয়া ইফটাৰৰ ৷
টিয়কত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সমূহীয়া ইফটাৰ
উক্ত কাৰ্যসূচীত যুৱ-ছাত্ৰৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি তথা সম্পাদক, জিলা কাৰ্যনিৰ্বাহক,টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, উপ-সভাপতি আৰু টীয়ক প্ৰেছ ক্লাৱৰ সদস্যসকলৰ লগতে টীয়কৰ কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷ জাতি বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো একেলগে বহি এইদৰে ইফটাৰ গ্ৰহণ কৰা দৃশ্যই নিশ্চিতভাৱে একতাৰ নিদৰ্শন দাঙি ধৰিছে ৷