অসম

assam

ETV Bharat / briefs

নিৰাপত্তাৰক্ষীৰ গুলীচালনাত চুডানত 5 জন নিহত - নিৰাপত্তাৰক্ষীৰ গুলীচালনাত নিহত 5 জন

প্ৰায় এমাহ জুৰি চলা প্ৰতিবাদ প্ৰতিহত কৰিবলৈ চুডানত নিৰাপত্তাৰক্ষীৰ গুলীচালনা ৷ গুলীচালনাত নিহত 5 জনকৈ ব্যক্তি ৷ ৰাজধানী চহৰ খাৰট’মস্থিত সেনাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰায় হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷

etv bharat

By

Published : Jun 3, 2019, 6:26 PM IST

চুডান, 3 মে’: সোমবাৰে চুডানত নিৰাপত্তাৰক্ষীৰ হাতত প্ৰাণ গ’ল 5 জনকৈ ব্যক্তিৰ ৷ দীৰ্ঘদিনীয়া প্ৰতিবাদ ৰোধ কৰিবৰ বাবে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰে নিৰাপত্তাৰক্ষীয়ে ৷ আন্তৰ্জাতিক সংবাদপত্ৰ আল জাজিৰাত প্ৰকাশ কৰা অনুসৰি চুডানৰ চিকিৎসকৰ চেণ্ট্ৰেল কমিটিয়ে মৃতকৰ সংখ্যা 5 জন বুলি নিশ্চিত কৰিছে ৷ ইয়াৰোপৰিও, নিৰাপত্তাৰক্ষী সকলে প্ৰতিবাদকাৰীসকলক অস্ত্ৰ প্ৰয়োগ কৰি প্ৰতিবাদ বন্ধ কৰাৰ চেষ্টা কৰে বুলিও উল্লেখ কৰিছে প্ৰত্যক্ষদৰ্শীসকলে ৷

‘‘ৰেপিড চাপৰ্ট ফ’ৰ্চেছ আৰু আৰক্ষী বিষয়াৰ আক্ৰমণৰ সন্মুখীন হৈছিলো আমি ৷’’ এই কথা প্ৰকাশ কৰে মামাদাও এব’জেড নামৰ এগৰাকী প্ৰতিবাদকাৰীয়ে ৷ দীৰ্ঘদিন শাসনকাৰ্য চলাই অহা ওমৰ অল বাচিৰক উফৰাই নতুনকৈ ক্ষমতাত অহা চুডানৰ মিলিটেৰী প্ৰধানগৰাকীৰ বিৰুদ্ধে প্ৰায় এমাহ জুৰি প্ৰতিবাদ অব্যাহত ৰাখিছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৷ ৷ ৰাজধানী চহৰ খাৰট’মস্থিত সেনাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰা হৈছিল এই প্ৰতিবাদ ৷

উল্লেখ্য যে, শেহতীয়াকৈ সেনা প্ৰধানগৰাকীয়ে তিনি বছৰৰ বাবে বিৰোধী মিত্তজোটৰ সৈতে ক্ষমতা ভাগ-বাটোৱাৰাৰ চুক্তিও সম্পন্ন কৰে ৷

ABOUT THE AUTHOR

...view details