অসম

assam

ETV Bharat / briefs

বগীনদীত দ্বিতীয়খন পকী দলং নিৰ্মানৰ জৰীপ আৰম্ভ

বজাৰত ব্যৱসায় কৰি কোনোমতে পৰিয়াল পোহপাল দি থকা সাধাৰণ ক্ষুদ্ৰ ব্যৱসায়ীসকলে উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী জনায় ।

বগীনদীত দ্বিতীয়খন পকী দলং নিৰ্মানৰ জৰীপ আৰম্ভ
second bridge over baginadi work starts soon

By

Published : Dec 20, 2020, 2:05 PM IST

লখিমপুৰ, ২০ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ বগীনদীৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণৰ বাবে দেওবাৰে জৰীপ চলায় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নগাঁও সংমণ্ডলৰ অধীনস্থ লখিমপুৰ জিলা বিভাগৰ অভিযন্তা হিৰণ্য দত্তৰ নেতৃত্বত তথা কদম ৰাজহ চক্ৰৰ সহযোগত চলা এই জৰীপত বগীনদীৰ গণেশ মন্দিৰ, দুৰ্গা মন্দিৰ আৰু বগীনদী দৈনিক বজাৰৰ এক বৃহৎ অংশ সোমাই পৰিছে ।

বগীনদীত দ্বিতীয়খন পকী দলং নিৰ্মানৰ জৰীপ আৰম্ভ

ইয়াকে লৈ এক তীব্ৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে বগীনদী দৈনিক বজাৰৰ ব্যৱসায়ীসকলে । বজাৰত ব্যৱসায় কৰি কোনোমতে পৰিয়াল পোহপাল দি থকা সাধাৰণ ক্ষুদ্ৰ ব্যৱসায়ীসকলে উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী জনায় ।

লগতে পঢ়কঃ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ সৈতে প্ৰাসংগিক প্ৰেক্ষাপট...

ABOUT THE AUTHOR

...view details