অসম

assam

ETV Bharat / briefs

বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

By

Published : Jun 24, 2019, 11:05 AM IST

Updated : Jun 24, 2019, 1:37 PM IST

2019-06-24 10:39:13

বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

বাইহাটা , ২৪ জুন : বাইহাটা চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । মালবাহী  ট্ৰাক আৰু মাৰুতি ওৱেগন আৰ গাড়ীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন লোক । 

নিহত ব্যক্তিজন মঙলদৈৰ অপুৰ্ৱ শৰ্মা বুলি চিনাক্ত কৰা হৈছে । ইপিনে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত অপুৰ্ৱ শৰ্মাৰ পত্নী মধুষ্মিতা শৰ্মাক বেজেৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে মহিলা গৰাকীক জিএমচিএচলৈ প্ৰেৰণ কৰা হয় । জানিব পৰা মতে অপুৰ্ৱ শৰ্মা আৰু তেওঁৰ পত্নী মঙলদৈৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল । তেনে সময়তে অপুৰ্ৱই চলাই অহা AS-12-C-9781 নম্বৰৰ মাৰুতি ওৱেগন আৰ খন আৰু AS-01-DM-2639 নম্বৰৰ মালবাহী ট্ৰাক খনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । যাৰ ফলত অপুৰ্ৱ শৰ্মাৰ থিতাতে মৃত্যু হয় । ইপিনে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আল্ট্ৰা বাছ সমূহৰ দৌৰাত্ম্যৰ বাবেও উক্ত পথচোৱাত বহু সময়ত এনে ধৰণৰ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ থাকে ।

Last Updated : Jun 24, 2019, 1:37 PM IST

ABOUT THE AUTHOR

...view details