গুৱাহাটী,২৯মে' : বুধবাৰে উত্তৰ গুৱাহাটীৰ বিহলঙনীত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । বন্ধুৱে বন্ধুক হত্যা কৰা ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটীৰ এটা পৰিয়ালত স্থানীয় ৰাইজে ওলোমাই তলা ।
উত্তপ্ত উত্তৰ গুৱাহাটীঃ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই হত্যা কৰিলে বন্ধুক - ৰহধলা
উত্তৰ গুৱাহাটীত এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক বন্ধুৱে হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, স্থানীয় ৰাইজে হত্যাকাৰীৰ ঘৰত ওলোমালে তলা
ঘটনা অনুসৰি, দেওবাৰে উত্তৰ গুৱাহাটীৰ মিন্টু চমুৱা নামৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰজনক বন্ধু ওচৰৰে বন্ধু এজনে গা ধুবলৈ মাতি নি হত্যা কৰি মিন্টুক পেলাই থৈ গৈছিল দ-খাৱৈত । ছাত্ৰজনৰ মৃতদেহ ৰহধলা পথাৰৰ দ-খাৱৈত উদ্ধাৰ হোৱাৰ পাছতেই অঞ্চলটোত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ গৈছিল । অৱশেষত বুধবাৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্তত বন্ধুজনে মিন্টুক হত্যা কৰা ঘটনা নিশ্চিত হৈ পৰে । ইয়াৰ পাছতে উত্তৰ গুৱাহাটীবাসী উত্তপ্ত হৈ পৰি হত্যাকাৰী বন্ধুজনৰ ঘৰত তলা ওলোমাই । অঞ্চলবাসীয়ে মিন্টুৰ ন্যায় বিচাৰি দাবী উত্থাপন কৰে । বৰ্তমানেও মিন্টুক হত্যা কৰা কাৰণ জানিব পৰা নাই যদিও তদন্তৰ বাবে আৰক্ষীয়ে আটক কৰে মিন্টুৰ বন্ধুজনক ।