কৰিমগঞ্জ, 6জুন: শিক্ষাখণ্ডত ন-ন- কৌশলে শিক্ষাৰ মূল নহয়, শিক্ষা গ্ৰহণ কৰাৰ বাবে সকলো শিক্ষাৰ্থীকে এক সুস্থিৰ পৰিৱেশৰো প্ৰয়োজন হয় । তাৰেই যেন নিদৰ্শন দাঙি ধৰিলে দক্ষিণ কৰিমগঞ্জ শিক্ষাখণ্ডৰ অন্তৰ্গত 922 নং শিশু কল্যাণ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ দুগৰাকী শিক্ষয়ত্ৰীয়ে । শিক্ষক দুগৰাকীৰ নাম যুথিকা ৰুদ্ৰপাল আৰু অৰ্পিতা নাথ । দেওবাৰে দুয়োগৰাকী শিক্ষয়ত্ৰীয়ে বিদ্যালয়খনৰ কোঠাৰ দেৱালত ৰং দি বিদ্যালয়খনত এক শৈক্ষিক বাতাবৰণৰ সৃষ্টি কৰি তুলিলে ।
দুগৰাকী আদৰ্শ শিক্ষয়ত্ৰীৰ কাহিনীৰে..
দক্ষিণ কৰিমগঞ্জ শিক্ষাখণ্ডৰ অন্তৰ্গত 922 নং শিশু কল্যাণ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ যুথিকা ৰুদ্ৰপাল আৰু অৰ্পিতা নাথে দেওবাৰে শ্ৰেণীকোঠাৰ দেৱালত ৰং সানি বিদ্যালয়খনত সৃষ্টি কৰিলে এক শৈক্ষিক বাতাবৰণৰ
শ্ৰেণীকোঠাৰ দেৱালত ৰং দিয়াত ব্যস্ত কৰিমগঞ্জৰ দুগৰাকী শিক্ষয়ত্ৰী
উল্লেখযোগ্য যে, বিদ্যালয়খনত এটা শ্ৰেণী কোঠাৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰী সংখ্যা 135গৰাকী । আঠ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীৰ মাজৰে ছয় গৰাকী হৈছে মহিলা শিক্ষয়ত্ৰী । যি সময়ত চৰকাৰী বিদ্যালয়ত ৰাজ্য চৰকাৰে অৱলম্বিত কৰা ন-ন নিয়মক লৈ প্ৰশ্ন উত্থাপন হৈছে,সেই সময়তে দক্ষিণ কৰিমগঞ্জৰ শিক্ষয়ত্ৰী দুগৰাকীয়ে দাঙি ধৰা কৰ্মৰ উৎকৃষ্ট নিদৰ্শনে সকলোকে আপ্লুট কৰিছে । ইতিমধ্যেই শিক্ষয়ত্ৰী দুগৰাকীৰ এই কৰ্ম যথেষ্ট চৰ্চিত হৈ পৰিছে চ'ছিয়েল মিডিয়াতো ।