ইণ্টাৰনেশ্বনেল ডেস্ক,৭ জুনঃমেক্সিক'ত বিগত ২৪ ঘণ্টাত নতুনকৈ ৩,৬০০ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড ১৯ ৰ উপস্থিতি । বৰ্তমান ৰাষ্ট্ৰখনত কৰ'ণা আক্ৰান্ত ব্য়ক্তিৰ সংখ্যা ১,১৩,৬১৯ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে 13,511 গৰাকী ব্যক্তি । মেক্সিক'ৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰে এই তথ্য ।
মেক্সিক'ত কোভিড ১৯ ত আক্ৰান্তৰ সংখ্যা ১,১৩,০০০ লৈ বৃদ্ধি - covid 19 pandemic
মেক্সিক'ত এদিনত ৩.৩ শতাংশ বৃদ্ধি পাইছে কোভিড ১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা । আনহাতে, বৰ্তমানলৈকে এই মহামাৰীত মুঠ 13,511 গৰাকী লোকৰ মৃত্যু হৈছে ।
স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি এদিনত ৩.৩ শতাংশ বৃদ্ধি পাইছে কোভিড ১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা । শুকুৰবাবে এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়া জ'চ লুইচ আলোমিয়াই ।
ৰাষ্ট্ৰখনত কোভিড ১৯ ত আক্ৰান্ত হোৱা মুঠ ১,১৩,৬১৯ গৰাকী লোকৰ ভিতৰত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ১৮,৫৬৪ গৰাকী লোক । আনহাতে, এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিছে ৮১,৫৪৪ গৰাকী লোকে । তদুপৰি বৰ্তমানেও ৰাষ্ট্ৰখনত ১,১৮৯ গৰাকী লোক সন্দেহযুক্ত অৱস্থাত আছে । সম্প্ৰতি এইসকল লোকৰ কোভিড ১৯ পৰীক্ষা অব্যাহত আছে স্বাস্থ্য বিভাগে ।