কাৰ্বি আংলং,১৮মে' : শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে । তাৰেই প্ৰমাণ দাঙি ধৰিলে পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবিৰ বিশ্বজিৎ মেধিয়ে । বুধবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশ্বজিতে সকলো বিষয়তে লেটাৰ সহ মুঠ ৫১০নম্বৰ লাভ কৰে । অতি দৰিদ্ৰ পৰিয়ালৰ বিশ্বজিতৰ পিতৃয়ে বাঁহ বেতৰ সামগ্ৰী নিৰ্মাণ কৰি গাওঁখনৰ ঘৰে-ঘৰে বিক্ৰী কৰি পৰিয়ালটো পোহপাল দিয়ে । বিশ্বজিতেও স্কুলৰ পৰা আহি প্ৰতিদিনেই দেউতাকৰ কামত সহায় কৰিছিল । নিজ শিক্ষাৰ লগতে দেউতাকক সহায় কৰা বিশ্বজিতৰ সাফল্যত পিতৃ-মাতৃৰ লগতে অঞ্চলজুৰি আনন্দিত হৈ পৰিছে ।
দৰিদ্ৰতাক নেওচি সাফল্য লাভ কাৰ্বি আংলঙৰ ছাত্ৰৰ - তুলিৰাম ৰংহাং
দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবিৰ বিশ্বজিৎ মেধিয়ে সকলো বিষয়তে লেটাৰ সহ মুঠ ৫১০নম্বৰ লাভ কৰে, বিশ্বজিতৰ সাফল্যত আনন্দিত অঞ্চলবাসী ৷
দৰিদ্ৰতাক নেওচি সাফল্য লাভ কাৰ্বি আংলঙৰ ছাত্ৰৰ
ইফালে, ভবিষ্যতে এগৰাকী সফল অভিযন্তা হোৱাৰ সপোন পুহি ৰখা বিশ্বজিতক আগন্তুক দিনত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ অঞ্চলবাসীয়ে বিচাৰিছে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিশ্বজিতক সহায় কৰাতো ।