অসম

assam

ETV Bharat / briefs

গোৱালপাৰাত বনবিভাগৰ জালত লক্ষাধিক টকাৰ চোৰাং কাঠৰ কুণ্ডা - গোৱালপাৰা

গোৱালপাৰাত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাই জব্দ কৰে প্ৰায় লক্ষাধিক টকাৰ চোৰাং কাঠৰ কুণ্ডা ।

 গোৱালপাৰাত বনবিভাগৰ জালত  লক্ষাধিক টকাৰ চোৰাং কাঠৰ কুণ্ডা
গোৱালপাৰাত বনবিভাগৰ জালত লক্ষাধিক টকাৰ চোৰাং কাঠৰ কুণ্ডা

By

Published : Oct 11, 2020, 7:58 PM IST

গোৱালপাৰা, 11অক্টোবৰ :গোৱালপাৰাত এতিয়াও অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় । ইতিমধ্যে চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগেও অব্যাহত ৰাখিছে তীব্ৰ অভিযান ।

গোৱালপাৰাৰ বন বিষয়া শান্তনা মেধিৰ নেতৃত্বত যোৱা বনবিভাগৰ দল এটাই জিলা খনৰ খৰমুজা থানাৰ অন্তৰ্গত পানী খাইটিৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

গোৱালপাৰাত বনবিভাগৰ জালত লক্ষাধিক টকাৰ চোৰাং কাঠৰ কুণ্ডা

জানিব পৰা মতে, AS 18 C 5821 নম্বৰৰ পিক আপ ভানেৰে অবৈধ ভাৱে লক্ষীপুৰ বজাৰলৈ গৈ থকা অৱস্থাত বনবিষয়া শান্তনা মেধিৰ নেতৃত্বত যোৱা দলটোৱে চোৰাং কাঠ ভৰ্তি পিক আপ ভান খন জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত কাঠ খিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা হ'ব বুলি অনুমান কৰিছে বনবিভাগে । ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বনবিভাগে।

ABOUT THE AUTHOR

...view details