নগাঁও, ২৮মে' : মঙলবাৰে নগাঁও কাগজ কলৰ বিষয়া-কৰ্মচাৰীসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । নেচনেল কোম্পানী ল' ট্ৰিবুনেল চমুকৈ এন চি এল টিয়ে কাগজ কলটোক দেউলীয়া বুলি ঘোষণা কৰাৰ পাছতেই জাঙুৰ খাই উঠে বিষয়া-কৰ্মচাৰীসকল ।মঙলবাৰে কাগজ কলটোৰ মুখ্য প্ৰবেশদ্বাৰত সাব্যস্ত কৰে প্ৰতিবাদ । ইফালে, বিগত 30 মাহে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰ্মীসকলে নিজৰ দৰমহা লাভ নকৰালৈ কোনো বণিক গোষ্ঠীক কাগজ কলটোত প্ৰৱেশ কৰিব দিয়া নহ'ব বুলি হুংকাৰ দিয়ে ৷
নগাঁও কাগজ কলত প্ৰতিবাদ
নেচনেল কোম্পানী ল' ট্ৰিবুনেল চমুকৈ এন চি এল টিয়ে কাগজ কলটোক দেউলীয়া বুলি ঘোষণা কৰাৰ পাছতেই জাঙুৰ খাই উঠে বিষয়া-কৰ্মচাৰীসকল ।মঙলবাৰে কাগজ কলটোৰ মুখ্য প্ৰবেশদ্বাৰত সাব্যস্ত কৰে প্ৰতিবাদ ।
নগাঁও কাগজ কলত প্ৰতিবাদ
উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে আইনী প্ৰক্ৰিয়াৰে কাগজ কলটোক পুনৰুজ্জীৱিত কৰাৰ আশ্বাস দিছিল যদিও বৰ্তমানেও ৰূপায়িত নহ'ল মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি।