অসম

assam

ETV Bharat / briefs

হোজাই লংকাৰ এন আৰ চি সেৱাকেন্দ্ৰত কৃত্ৰিম বান

হোজাইৰ লংকাৰ এন আৰ চি সেৱাকেন্দ্ৰত এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হয়, বানৰ ফলত সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি সেৱাকেন্দ্ৰটোৰ কৰ্মীসকলে হাৰাশাস্তি ভুগিব লগীয়া হয়

By

Published : May 7, 2019, 5:05 PM IST

হোজাই লংকাৰ এন আৰ চি সেৱাকেন্দ্ৰত কৃত্ৰিম বান

হোজাই,৭মে': হোজাইৰ লংকাৰ এন আৰ চি সেৱাকেন্দ্ৰত কৃত্ৰিম বান। এজাক বৰষুণতেই সেৱা কেন্দ্ৰটোৰ চৌপাশ পানীৰে উপচি পৰে। যাৰ ফলত কৰ্মীসকলৰ লগতে সাধাৰণ জনতাই সেৱা কেন্দ্ৰটোত উপস্থিত হোৱাত দুৰ্ভোগ ভুগিবলগীয়া হয়। স্থানীয় লোকৰ মন্তব্য অনুসৰি লংকা পৌৰসভাৰ অন্তৰ্গত ১নং ৱাৰ্ডত অৱস্থিত এই এন আৰ চি সেৱা কেন্দ্ৰটোৰ কাষত থকা নলা-নৰ্দমাসমূহ পৌৰসভা কৰ্তৃপক্ষই পৰিস্কাৰ নকৰাৰ ফলত সৃষ্টি হয় কৃত্ৰিম বানৰ । ইফালে জমা হোৱা পানী নিষ্কাষণৰো সেৱা কেন্দ্ৰটোত কোনো সুবিধা নথকাৰ বাবে এজাক বৰষুণতেই বানপানীৰ সৃষ্টি হয় বুলি মন্তব্য কৰে।

হোজাই লংকাৰ এন আৰ চি সেৱাকেন্দ্ৰত কৃত্ৰিম বান

ABOUT THE AUTHOR

...view details