অসম

assam

By

Published : Jun 12, 2020, 4:58 PM IST

ETV Bharat / briefs

আমাজন প্ৰাইমত মুক্তি লাভ কৰিলে বলীউডৰ পূৰ্ণ দৈৰ্ঘৰ ছবি 'গুলাবো চিটাবো'

ওটিটি প্লেটফৰ্মত মুক্তিৰ পাছতেই দৰ্শকৰ বিপুল সহাঁৰি লাভ কৰিবলৈ সক্ষম হয় আয়ুস্মান খুড়ানা আৰু অমিতাভ বচ্চন অভিনীত ছবিখনে।

Gulabo Sitabo
Gulabo Sitabo released on Amazon Prime Video on June 12

এণ্টাৰটেইনমেন্ট ডেস্ক, ১২ জুনঃ শুকুৰবাৰে ওটিটি প্লেটফৰ্মত মুক্তি লাভ কৰিলে বলীউডৰ বহু প্ৰত্যাশিত ছবি'গুলাবো চিটাবো'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আয়ুস্মান খুড়ানা আৰু বলীউডৰ বিগ-বি অমিতাভ বচ্চনে। ছবিখন আমাজন প্ৰাইম ভিডিঅ'ত মুক্তিৰ পাছতেই দৰ্শকৰ বিপুল সহাঁৰি লাভ কৰিবলৈ সক্ষম হয়।

আমাজন প্ৰাইমত মুক্তি লাভ কৰিলে বলীউডৰ পূৰ্ণ দৈৰ্ঘৰ ছবি 'গুলাবো চিটাবো'

সুজিত্ চিৰকাৰৰ পৰিছালনাত নিৰ্মিত 'গুলাবো চিটাবো'ক এখন সুন্দৰ ছবি বুলি অভিহিত কৰিছে ছবি সমালোছক তৰণ আদৰ্শে। ছবিখনৰ কাহিনী তথা লিখন পদ্ধতি অতি উন্নত,হাস্য ৰেসেৰে ভৰপূৰ আৰু ছবিখনৰ শেষৰ অংশ অবিস্মৰণীয় বুলি উল্লেখ কৰে ছবি সমালোচক গৰাকীয়ে।

'গুলাবো চিটাবো' হৈছে ছবিগৃহত মুক্তি লাভ নকৰাকৈ ওটিটি প্লেটফৰ্মত মুক্তি লাভ কৰা প্ৰথমখন বলীউডৰ পূৰ্ণ দৈৰ্ঘৰ ছবি। কোভিড-১৯ সংকটৰ বাবে দেশজুৰি অব্য়াহত থকা আনল'ক ৱান বাবে ছবিগৃহৰ পৰিৱৰ্তে আমাজন প্ৰাইম ভিডিঅ'ত মুক্তি লাভ কৰে ছবিখনে।

লগতে পঢ়কঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান একাংশ অস্থায়ী স্বাস্থ্যকৰ্মীৰ

ABOUT THE AUTHOR

...view details