অসম

assam

ETV Bharat / briefs

শক্তি বিভাগৰ নাভূত নাশ্ৰুত কাণ্ড গোলাঘাটত - বিদ্যুৎ বিভাগৰ বিল

গোলাঘাটৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ মাৰ্চ মাহৰ লাইটৰ বিল আহিল ৮২ লাখ ৫৮ হাজাৰ তিনিশ ৩৬ টকা

গোলাঘাটত লাইটৰ বিল আহিল ৮২ লাখ ৫৮ হাজাৰ তিনিশ ৩৬ টকা

By

Published : Apr 25, 2019, 10:26 AM IST

গোলাঘাট, 25 এপ্ৰিলঃ সঘনাই বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ থকা অসমৰ এটা অন্যতম কার্যালয় হৈছে বিদ্যুৎ বিভাগৰ কার্যালয় ৷ এইবাৰ গোলাঘাটত এখন বিদ্যুতৰ বিলে অভিলেখ ৰচিলে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৷ গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাৰ্চ মাহৰ লাইটৰ বিল আহিল ৮২ লাখ ৫৮ হাজাৰ তিনিশ ৩৬ টকা ৷ ইয়াকে লৈ শংকিত হৈ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ গৰাকী কাষ চাপিল শক্তি বিভাগৰ ৷ বিলৰ পৰিমাণ চাই শক্তি বিভাগৰ কর্মচাৰীৰ ভুলৰ বাবেই এনে হোৱা বুলি জনায় সংমণ্ডল বিষয়াই ৷

গোলাঘাটত লাইটৰ বিল আহিল ৮২ লাখ ৫৮ হাজাৰ তিনিশ ৩৬ টকা

উল্লেখ্য যে,কার্যালয়টোত এইটোৱেই প্ৰথম অভিযোগ নহয়, সাংবাদিকক দেখি শক্তি বিভাগৰ বিভিন্ন অভিযোগ উত্থাপন কৰিলে গ্ৰাহকসকলে ৷ দৰিদ্ৰ পৰিয়ালক চৰকাৰীভাৱে প্ৰদান কৰা বিদ্যুতৰ বিলৰ ক্ষেত্ৰটো দেখুৱালে বহু সমস্যা ৷ যিমান পৰিমাণৰ বিল হ'ব লাগে তাতকৈ অধিক বিল প্ৰদান কৰাৰো অভিযোগ উঠিছে শক্তি বিভাগৰ বিৰুদ্ধে ৷

ABOUT THE AUTHOR

...view details