গোৱালপাৰা, ২৫ ছেপ্টেম্বৰ: গোৱালপাৰাত অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ ডিঙিত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ। চৰকাৰী আৱাসতে আত্মহত্যা কৰে দাসে। ৰহস্যজনক কাৰণত আত্মহত্যা কৰা দাসৰ সৈতে একেলগে আছিল পত্নী আৰু পুত্ৰ। পূৰ্বে সংঘটিত দুৰ্ঘটনাজনিত কাৰণত কিছু মানসিক অশান্তিত ভুগি আছিল দাস। লক ডাউনৰ প্ৰাকক্ষণত গোৱালপাৰালৈ বদলি হৈ অহা অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাস প্ৰকৃতাৰ্থত গোৱালপাৰাত আধাৰ কাৰ্ড কেন্দ্ৰসমূহ পৰিদৰ্শনৰ বাহিৰে কোনো কামৰ দায়িত্ব পোৱা নাছিল।
গোৱালপাৰাত অতিৰিক্ত উপায়ুক্তৰ চীপ লৈ থকা মৃতদেহ উদ্ধাৰ - Deadbody recovered
গোৱালপাৰাত অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ ডিঙিত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ। চৰকাৰী আৱাসতে আত্মহত্যা কৰে দাসে। ৰহস্যজনক কাৰণত আত্মহত্যা কৰা দাসৰ সৈতে একেলগে আছিল পত্নী আৰু পুত্ৰ।
গোৱালপাৰাত অতিৰিক্ত উপায়ুক্তৰ চীপ লৈ থকা মৃতদেহ উদ্ধাৰ
ইফালে,দাসৰ আত্মহত্যাৰ ঘটনাত গভীৰ ৰহস্য থকাৰ সন্দেহ কৰিছে গোৱালপাৰাবাসী ৰাইজে। কিয়নো,প্ৰতিদিনে প্ৰাতঃভ্ৰমণলৈ যোৱা দাস অমায়িক,শৃংখলাবদ্ধ আৰু কামৰ প্ৰতি সজাগ আছিল। এতিয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব জয়ন্ত দাসৰ আত্মহত্যাৰ প্ৰকৃত ৰহস্য।
লগতে পঢ়ক: ভাৰত বন্ধৰ প্ৰভাৱ :ব্যতিক্ৰমী ৰূপত প্ৰতিবাদত বঢ়িল যোৰহাটৰ ব্যৱসায়ীও