ইণ্টাৰনেশ্যনেল ডেস্ক, ৪ জুন: জৰ্জ ফ্লোয়েডৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছত বুধবাৰে এক নতুন তথ্য পোহৰলৈ আহিছে । ফ্লোয়েডৰ মেডিকেল ৰিপ'ৰ্টত কৰ'ণা পজিটিভ পোৱা গৈছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, হেন্নেপিন কাউণ্টি মেডিকেল অধ্যক্ষৰ কাৰ্যালয়ৰ দ্বাৰা প্ৰেৰণ কৰা ২০ পৃষ্ঠাৰ ৰিপ'ৰ্ট পৰিয়ালৰ অনুমতি মৰ্মে সোমবাৰে ঘৰলৈ নিয়া হৈছিল আৰু হৃৎপিণ্ডত হোৱা আঘাতৰ বাবে তেওঁ পৰীক্ষা কৰা বুলি ৰিপ'ৰ্টত লিখা আছে । কিন্তু ২৫ মে'ত হোৱা ফ্লোয়েডৰ মৃত্যুৰ পিছতেই এই মৃত্যুই হত্যাকাণ্ডৰ ৰূপ লয় বুলি আন এক সূত্ৰই জানিবলৈ দিয়ে ।
এপ্ৰিল মাহতেই জৰ্জ ফ্লোয়েডৰ দেহত পাইছিল কৰ'ণা পজিটিভ - কৰ'ণা পজিটিভ
বিগত মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত শ্বেতাংগ আৰক্ষী বিষয়াৰ হাতত প্ৰাণ ত্যাগ কৰা কৃষ্ণাংগ ব্যক্তি জৰ্জ ফ্লোয়েডৰ কৰ'ণা সংক্ৰান্তত পোহৰলৈ আহিছে এক নতুন তথ্য । ৪৬ বছৰীয়া ফ্লোয়েডে ৩ এপ্ৰিলত কৰ'ণাৰ পৰীক্ষা কৰিছিল আৰু তেওঁৰ দেহত কৰ'ণা পজিটিভ পোৱা বুলি ৰিপ'ৰ্টত পোৱা হৈছে ।
এপ্ৰিল মাহতেই জৰ্জ ফ্লোয়েডৰ দেহত পাইছিল কৰ'ণা পজিটিভ
মুখ্য চিকিৎসক এন্দ্ৰিউ বেকাৰে সদৰী কৰা অনুসৰি, ফ্লোয়েডে ৩ এপ্ৰিলত কৰ'ণাৰ পৰীক্ষা কৰিছিল আৰু তেওঁৰ দেহত কৰ'ণা পজিটিভ পোৱা গৈছিল । ৰিপ'ৰ্টত এইটোও উল্লেখ আছে যে, ফ্লোয়েডৰ হৃৎপিণ্ডৰ জোৰ কমি গৈছে । মৰণোত্তৰ ৰিপ'ৰ্টৰ পৰা এইটো অনুমান কৰা হৈছে যে, fentanyl toxicityৰ বাবে তেওঁৰ উশাহ বন্ধ হৈ গৈছিল ।
লগতে পঢ়ক: ভাৰতবৰ্ষৰ ভিন্ন ৰাজ্যত COVID-19ৰ সাম্প্ৰতিক পৰিস্থিতি