অসম

assam

ETV Bharat / briefs

বায়ুসেনাত ইতিহাস ৰচিলে ফ্লাইট লেফ. ভাৱনা কান্ঠে - ANI

মিগ 21 বাইছন উৰাই দেশৰ প্ৰথমগৰাকী অপাৰেশ্বনেল মহিলা যুঁজাৰু বৈমানিক হোৱাৰ গৌৰৱৰ অধিকাৰী হয় ফ্লাইট লেফ. ভাৱনা কান্ঠ ৷

বায়ুসেনাত ইতিহাস ৰচিলে ফ্লাইট লেফ. ভাৱনা কান্ঠে

By

Published : May 22, 2019, 11:07 PM IST

তেজপুৰ, 22 মেঃদেশৰ মহিলা শক্তিক প্ৰতিনিধিত্ব কৰি ভাৰতীয় বায়ুসেনাত আন এক বিশেষ গৌৰৱৰ অধিকাৰী হয় দেশৰ প্ৰথমগৰাকী মহিলা যুঁজাৰু বৈমানিক ফ্লাইট লেফ. ভাৱনা কান্ঠে ৷ শেহতীয়াকৈ দিনৰ ভাগত মিগ 21 বাইছন যুঁজাৰু বিমান উৰুৱাই দেশৰ ভিতৰতে প্ৰথমগৰাকী অপাৰেশ্বনেল মহিলা যুঁজাৰু বৈমানিক হোৱাৰ গৌৰৱেৰে গৌৰৱাম্বিত হয় বায়ু সেনা বিষয়াগৰাকী ৷

এতিয়াৰে পৰা দিনৰ ভাগত যিকোনো অভিযানতে অংশগ্ৰহণ কৰিব পাৰিব ফ্লাইট লেফ. গৰাকীয়ে ৷ উল্লেখ্য যে, 2017 চনত বায়ুসেনাৰ ফাইটাৰ স্কোৱাড্ৰণত যোগদান কৰিছিল ভাৱনা কান্ঠে ৷ পৰৱৰ্তী সময়ত 2018 চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে অকলশৰে যুঁজাৰু বিমান উৰুৱাইছিল ভাৱনা কান্ঠে ৷

ABOUT THE AUTHOR

...view details