অসম

assam

ETV Bharat / briefs

ধুবুৰীত গৰাখহনীয়াৰ তাণ্ডৱ - ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানী

ধুবুৰীৰ ফকিৰগঞ্জ অঞ্চলত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াই চলাইছে তাণ্ডৱ, চপৰা-চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ পাৰ,শংকিত হৈ পৰিছে নৈপৰীয়াবাসী

ধুবুৰীত গৰাখহনীয়াৰ তাণ্ডৱ

By

Published : May 22, 2019, 1:52 PM IST

ধুবুৰী,২২মে': ধুবুৰী জিলাৰ ফকিৰগঞ্জ অঞ্চলত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াই চলাইছে তাণ্ডৱ। চপৰা-চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ পাৰ। যাৰ বাবে শংকিত হৈ পৰিছে এতিয়া নৈ পৰীয়াবাসী। গৰাখনীয়াৰ ফলত দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জৰ নয়াপাৰা, পামপাৰা,চতলাৰ পাৰ,মাটিফাটা আদি অঞ্চলৰ বহু কেইটা পৰিয়ালৰ ঘৰ,মাটি,সম্পত্তি আদি সকলো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই গৰাখহনীয়াৰ ফলত কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকৰ। ইফালে,সৰ্বসাধাৰণ জনতাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব বহন নকৰাৰ অভিযোগ উত্থাপন হয় সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে। গৰাখহনীয়া ৰোধৰ বাবে স্থানীয় ৰাইজে বহুবাৰ চৰকাৰক দাবী জনায় আহিছে যদিও চৰকাৰেও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ ফলত ক্ষোভিত হৈ পৰে অঞ্চলবাসী।

ধুবুৰীত গৰাখহনীয়াৰ তাণ্ডৱ

আনহাতে,অঞ্চলটোত গৰাখহনীয়া বৃদ্ধি পোৱাক কেন্দ্ৰ কৰি বুধবাৰে দক্ষিণ শালমাৰা মানকাচাৰ মহকুমাৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,-অসম চৰকাৰ তথা জল সম্পদ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী,দক্ষিণ শালমাৰাৰ বিধায়ক,ধুবুৰীৰ সাংসদ সকলোৱে বছৰ-বছৰ ধৰি নৈ-পৰীয়া ৰাইজৰ জীৱনক লৈ হেতালি খেলি আছে। ইফালে,ৰাইজৰ দুৰ্দশাৰ খবৰ লবলৈ কোনো এগৰাকী নেতা-পালিনেতা উপস্থিত নহ'ল এই দক্ষিণ শালমাৰা সমষ্টিত। আছু নেতাগৰাকী এইদৰে মন্তব্য কৰি অতি শীঘ্ৰে ফকিৰগঞ্জ অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি অসম চৰকাৰক বিজ্ঞানসন্মতভাৱে স্থায়ী সমাধান কৰিবলৈ দাবী জনায় নেতাগৰাকীয়ে। অন্যথা সকলো ৰাইজে একত্ৰিত হৈ এক গণ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে আছু নেতা গৰাকীয়ে।

ABOUT THE AUTHOR

...view details