অসম

assam

ETV Bharat / briefs

স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা চি আৰ পি এফত ! - স্মাৰ্ট ফোন ব্যৱহাৰত নিষেধাজ্ঞা চি আৰ পি এফত!

চি আৰ পি এফৰ এই নতুন নিৰ্দেশনা অনুসৰি মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰত জোৱান,অসমাৰিক কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হব । কাৰ্য়ালয়লৈ অহাৰ সময়ত মোবাইল ফোন সমূহ নিৰ্দিষ্ট কাউন্টাৰত জমা দিব লাগিব সকলোৱে ।এই নিৰ্দেশনা অনুসৰি এটা সংস্থাৰ মোবাইল ফোনৰ নিৰ্দেশনা দিয়াৰ মূল উদ্দেশ্য হল বাহিনীটোৰ গোপনীয়তা যাতে ভংগ নহয়।

crpf-issues-guidelines-for-mobile-devices-prohibits-use-of-smartphones-by-staff-in-high-sensitivity-areas
crpf-issues-guidelines-for-mobile-devices-prohibits-use-of-smartphones-by-staff-in-high-sensitivity-areas

By

Published : Sep 3, 2020, 2:15 PM IST

নতুন দিল্লী,৩ চেপ্তেম্বৰঃ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফে মোবাইল ফোন ব্যৱহাৰৰ ক্ষেত্ৰত কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছে শেহতীয়াকৈ।এই নিৰ্দেশনাত কোৱা হৈছে যে,স্মাৰ্ট ফোন ব্যৱহাৰৰ ক্ষেত্ৰত বাহিনীটোৰ পৰিচালনা বা আলোচনাৰ বাবে নিৰ্ধাৰিত স্থান,উচ্চ সংবেদনশীন অঞ্চল,বিভাগীয় সভা সমিতি আৰু অপাৰেশ্যন কক্ষ সমূহত মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব ।

চি আৰ পি এফৰ এই নতুন নিৰ্দেশনা অনুসৰি মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰত জোৱান,অসমাৰিক কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হব । কাৰ্য়ালয়লৈ অহাৰ সময়ত মোবাইল ফোন সমূহ নিৰ্দিষ্ট কাউন্টাৰত জমা দিব লাগিব সকলোৱে ।এই নিৰ্দেশনা অনুসৰি এটা সংস্থাৰ মোবাইল ফোনৰ নিৰ্দেশনা দিয়াৰ মূল উদ্দেশ্য হল বাহিনীটোৰ গোপনীয়তা যাতে ভংগ নহয়।

তথ্য সুৰক্ষাৰ মৌলিক নীতি সমূহ হল গোপনীয়তা, অখণ্ডতা আৰু প্ৰাপ্যতা । এই কথা উল্লেখ কৰিছে চি আৰ পি এফৰ নিৰ্দেশনাখনত ।

কোনো তথ্য, নীতিগত কৌশল,নিৰাপত্তাজনিত অৱস্থান, গোপনীয়তা ৰক্ষা কৰাৰ ক্ষেত্ৰত এই নিৰ্দেশ সমূহ পালনীয় । সেয়ে আন আন সংস্থাসমূহেও এনেধৰণৰ নিৰাপত্তাজনিত ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে। চি আৰ পি এফে জাৰি কৰা নিৰ্দেশনা অনুসৰি কৰ্তব্য স্থানত অথবা নিৰাপত্তাজনিত গোপনীয় কাম কাজত মোবাইল ফোনৰ অনিয়ন্ত্ৰিত ব্যৱহাৰৰ ফলত সুৰক্ষা বিঘ্নিত হব পাৰে । চি আৰ পি এফে মোবাইল ফোন সমূহক দুটা ভাগত ভাগ কৰিছে- স্মাৰ্টফোন আৰু মোবাইল ফোন

এই দুটা ভাগত বিভক্ত কৰাৰ মূল কাৰণ হল- কেমেৰা আৰু ইন্টাৰনেটৰ মাধ্যমেদি ৰেকৰ্ডিং কৰাৰ সুবিধা । ব্যৱহাৰযোগ্য উচ্চ,মধ্যমীয়া আৰু নিম্ন সংবেদনশীলতা অঞ্চল এই তিনিটা বিভাগত বৰ্ণনা কৰা হৈছে অঞ্চসমূহ ।মধ্যমীয়া,সংবেদনশীল অঞ্চল সমূহত অপাৰেশ্যনেল সক্ৰিয়া শুল্ক আৰু প্ৰশাসনৰ নিৰ্দিষ্ট ক্ষেত্র,ক্ষেত্র শুল্ক,অপাৰেশ্যন আৰু হাস্পতাল সমূহৰ গোপনীয় নথি পত্ৰ পৰিচালনা কৰাৰ ক্ষেত্রত অঞ্চলসমূহ অন্তৰ্ভুক্ত হব ।

স্মাৰ্টফোন সমূহ কেৱল কাৰ্যালয় প্ৰধানৰ অনুমোদনৰ পিচত প্ৰতিজন কৰ্মচাৰীয়ে গোপনীয়তাৰ নিয়ম সমূহ মানি চলাটো উচিত । চি আৰ পি এফে জানিবলৈ দিয়া অনুসৰি মোবাইল ফোন ব্যৱহাৰ কৰি কেমেৰাৰে কোনোধৰণৰ সাংগঠনিক কাম কাজ ৰেকৰ্ড কৰা,গোপনীয় পৰিস্থিতি ৰেকৰ্ড কৰাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে ।

লগতে চাওকঃবৰপেটাত বিষ্ণুৰাভাৰ আৱক্ষ মূৰ্তিত মাস্ক !

ABOUT THE AUTHOR

...view details