ওদালগুৰিত কৃষকে নিজে মেৰামতি কৰিলে জলসিঞ্চনৰ বান্ধ - ভালুকমাৰী
ৰাইজে জনপ্ৰতিনিধি তথা জলসিঞ্চন বিভাগক বাৰম্বাৰ অৱেদন জনোৱাৰ পাছতো কাৰ্যক্ষম হৈ নুঠিল বান্ধটো ৷ সেয়ে ৰাইজে ল'লে সিদ্ধান্ত ৷ গাঁঠিৰ ধন ভাঙি কৃষক ৰাইজে বান্ধটোৰ বিকল হৈ থকা গেট দুখন মেৰামতি কৰি সম্প্ৰতি কৰি তুলিলে কাৰ্যক্ষম ।
ওদালগুৰিত কৃষকে নিজে মেৰামতি কৰিলে জলসিঞ্চনৰ বান্ধ
ওদালগুৰি,১জুন : ২০১১ চনত স্থাপন কৰা ওদালগুৰি চহৰৰ সমীপৱৰ্তী বগৰিবাৰীত থকা বগৰিবাৰী-ভালুকমাৰী পঞ্চমুখী বান্ধ ৷ কেইবাখনো গাঁৱৰ কৃষকৰ পানীৰ সমস্য দূৰ কৰাৰ উদ্দেশ্যৰে স্থাপন কৰা এই প্ৰকল্পটো দীৰ্ঘদিনৰ পৰা বিকল হৈ আছিল ৷ ৰাইজে জনপ্ৰতিনিধি তথা জলসিঞ্চন বিভাগক বাৰম্বাৰ অৱেদন জনোৱাৰ পাছতো কাৰ্যক্ষম হৈ নুঠিল বান্ধটো ৷ সেয়ে ৰাইজে ল'লে সিদ্ধান্ত ৷ গাঁঠিৰ ধন ভাঙি কৃষক ৰাইজে বান্ধটোৰ বিকল হৈ থকা গেট দুখন মেৰামতি কৰি সম্প্ৰতি কৰি তুলিলে কাৰ্যক্ষম ।