বিশ্বনাথ, ১৩ নৱেম্বৰ: বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ বৰগাং চেন্টাৰৰ ৰাজহুৱা মঞ্চত চিপিআই(এম এল)ৰ এক দলীয় কৰ্মী সভা অনুষ্ঠিত কৰা হয় । এই সভাতেই আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে যোটবন্ধনৰে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰে দলটোৱে ।
বিহালীত চিপিআই(এম-এল)ৰ ৱাৰ্ড সদস্যৰ কৰ্মী সভা - বিহালীত চিপিআই(এম-এল)ৰ কৰ্মী সভা
বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ বৰগাং চেন্টাৰৰ ৰাজহুৱা মঞ্চত চিপিআই(এম এল)ৰ দলীয় কৰ্মী সভা অনুষ্ঠিত কৰা হয় ।
উল্লেখ্য যে, চিপিআই(এম-এল)ৰ ৭ শতাধিক দলীয় সদস্যই অংশগ্ৰহণ কৰা সভাখনত অসম ৰাজ্যিক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা বিহালীৰ কংগ্ৰেছ নেতা প্ৰেমলাল গঞ্জুয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ বিহালীৰ কংগ্ৰেছ নেতাগৰাকীয়ে শাসকীয় বিজেপি চৰকাৰৰ ভ্ৰষ্টাচাৰ দূৰ্নীতিয়ে কোঙা কৰি পেলোৱা জনসাধাৰণৰ পৰিত্ৰাণৰ বাবে ২০২১ৰ নিৰ্বাচনত ঐক্যবদ্ধ ভাৱে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজ দিব বুলি মন্তব্য কৰে । চিপিআই(এম-এল)ৰ বৰ্ষীয়ান কৰ্মী জ্যোতিষ দাস, বৈশাকু ৰয় আৰু জিলা সদস্য লক্ষ্মীকান্ত কুৰ্মীয়ে পৰিচালনা কৰা কৰ্মী সভাত চিপিআই(এম-এল) নেতা বিবেক দাসে তিনিচুকীয়াৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভুঞাক বিজেপি নেতাৰ দূৰ্নীতি বাতৰি কৰাৰ বাবেই হত্যা কৰা হ’ল বুলি অভিযোগ উত্থাপন কৰে।