অসম

assam

ETV Bharat / briefs

প্ৰতিবছৰে বিধ্বংসী বানৰ কবলত পৰে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি - Moran constituency

বানপানী ৰোধৰ বাবে উপযুক্ত মঠাউৰিৰ অভাৱত মৰাণ সমষ্টিৰ লেজাই কলাখোৱা, গৰুধৰীয়া আদি অঞ্চলৰ ৰাইজে বছৰত তিনি চাৰিবাৰ বানৰ কবলত পৰিবলগীয়া হয় ।

CM home constituency faces heavy flood due to unscientific bandh
প্ৰতিবছৰে বিধ্বংসী বানৰ কবলত পৰে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি

By

Published : Nov 10, 2020, 10:39 PM IST

মৰাণ, ১০ নৱেম্বৰ: প্ৰতিবছৰে বিধ্বংসী বানৰ কবলত পৰি আহিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিৰ ৰাইজ। বিশেষকৈ মৰাণত বিধ্বংসী বানে প্ৰতিবছৰে চলায় ভয়ংকৰ তাণ্ডৱ। কিন্তু ৰাইজৰ এই সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো এখন চৰকাৰেই প্ৰদান কৰা নাই কোনো গুৰুত্ব। আনকি এসময়ত মৰাণ সমষ্টিৰ বিধায়ক আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

প্ৰতিবছৰে বিধ্বংসী বানৰ কবলত পৰে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি

বানপানী ৰোধৰ বাবে উপযুক্ত মঠাউৰিৰ অভাৱত সমষ্টিটোৰ লেজাই কলাখোৱা, গৰুধৰীয়া আদি অঞ্চলৰ ৰাইজে বছৰত তিনি চাৰিবাৰ বানৰ কবলত পৰিবলগীয়া হয়। বিধায়ক চক্ৰধৰ গগৈয়ে মুখ্যমন্ত্ৰীৰ হৈ মৰাণ সমষ্টিৰ লেজাই কলাখোৱাত মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ লাখ লাখ টকাৰ ব্যয় সাপেক্ষে বানপানীৰ সময়ত স্থানীয় ৰাইজৰ উপযোগীকৈ আটক ধুনীয়াকৈ সজা ওখ ভেঁটি আৰু আশ্ৰয় স্থলী শুভ উদ্বোধন কৰি ৰাইজৰ পৰা প্ৰশংসা বুটলাৰ চেষ্টা অব্যাহত ৰাখিছে । কিন্তু বানৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ মথাউৰি সমূহ বিজ্ঞান সন্মতভাৱে নিৰ্মাণ কৰাৰ বাবে কোনো ধৰণৰ চিন্তা নাই চৰকাৰখনৰ। ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ।

লগতে পঢ়কঃবিশ্বনাথ জিলা পৰিষদৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details