অসম

assam

ETV Bharat / briefs

বাজেটত পেট্ৰ’ল-ডিজেলৰ প্ৰতি লিটাৰত 4 টকাকৈ কৰ বৃদ্ধিৰ প্ৰস্তাৱ

অনিয়ন্ত্ৰিত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগই স্থান পাইছে কেন্দ্ৰীয় বাজেটত ৷ এই সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে চৰকাৰে আৱকাৰী শুল্ক হ্ৰাস কৰাৰ বাবে বিভাগক নিৰ্দেশ দিছে ৷

By

Published : Feb 1, 2021, 3:58 PM IST

বাজেটত পেট্ৰ’ল-ডিজেলৰ প্ৰতি লিটাৰত ৪ টকাকৈ কৰ বৃদ্ধিৰ প্ৰস্তাৱ
Budget proposes up to Rs 4/litre cess on petrol, diesel

নতুন দিল্লী, 1 ফেব্ৰুৱাৰী: বিগত ডিচেম্বৰ মাহৰ পৰা অব্যাহত থকা পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে স্থান পাইছে কেন্দ্ৰীয় বাজেটত ৷ এই ইন্ধন ব্যৱহাৰকাৰীসকলৰ বাবে আছে এক দুঃখবৰ ৷ 2021-22 বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পেট্ৰ’ল-ডিজেলত কৃষিৰ আন্তঃগাঁথনিৰ লগতে উন্নয়নৰ অতিৰিক্ত কৰ প্ৰযোজ্য কৰাৰ কথা ঘোষণা কৰে ৷

বাজেটত উল্লেখ কৰা অনুসৰি প্ৰতি লিটাৰ পেট্ৰ’লত 2.50 টকা কৃষি আন্তঃগাঁথনি আৰু উন্নয়ন কৰ আৰু প্ৰতি লিটাৰ ডিজেলত 4 টকাকৈ প্ৰযোজ্য হ’ব ৷ তৎসত্বেও খুচুৰা মূল্যৰ ক্ষেত্ৰত এই প্ৰভাৱ পৰাৰ আশংকা ক্ষীণ ৷ কিয়নো পূৰ্বে চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ প্ৰস্তাৱ উত্থাপন কৰিছিল ৷ পেট্ৰ’ল-ডিজেলত এই অতিৰিক্ত কৰ প্ৰযোজ্য কৰাৰ পিছত বিশেষ অতিৰিক্ত উৎপাদন কৰ হ্ৰাস কৰা হৈছে, যাতে ইন্ধন ব্যৱহাৰকাৰীসকলে অতিৰিক্ত বোজা কঢ়িয়াব নালাগে ৷

উল্লেখ্য যে, বিগত কিছুমাহৰ পৰা এই মূল্য বৃদ্ধি হৈ সম্প্ৰতি প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হৈছে 90 টকা ৷ দেশৰ কোনো অঞ্চলত এই মূল্যই শতকৰ ঘৰ স্পৰ্শ কৰিছে ৷

লগতে পঢ়ক :ৰাজ্যৰ চাহ শ্ৰমিক সকললৈ বিশেষ পেকেজ ঘোষণা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

ABOUT THE AUTHOR

...view details