অসম

assam

By

Published : May 14, 2019, 11:50 AM IST

Updated : May 14, 2019, 2:05 PM IST

ETV Bharat / briefs

বামাখাটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে ব'হাগী উৎসৱ পালন

সোমবাৰে নিশা মুকলি সভা,সম্বৰ্দ্ধনা অনুষ্ঠান,বঁটা প্ৰদান,স্মৃতিগ্ৰন্থ উন্মোচন,অন্তৰংগ আলাপ,বঁটা বিতৰণী অনুষ্ঠান আদি অনুষ্ঠিত কৰা হয় ৷

বজালীত ১০ম সংখ্যক বামাখাটা ব’হাগী উংসৱ পালন

বজালী, ১৪মে' : বজালীৰ বামাখাটা সত্ৰৰ মাধৱদেৱ ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় ১০ম সংখ্যক বামাখাটা ব’হাগী উংসৱ । ব’হাগী উৎসৱ উদযাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি সোমবাৰে নিশা মুকলি সভা,সম্বৰ্দ্ধনা অনুষ্ঠান,বঁটা প্ৰদান,স্মৃতিগ্ৰন্থ উন্মোচন,অন্তৰংগ আলাপ,বঁটা বিতৰণী অনুষ্ঠান আদি অনুষ্ঠিত কৰা হয়৷ ব’হাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি লংকেশ্বৰ তালুকদাৰৰ সভাপতিত্ব কৰা বিহুমেলাখনত অসমৰ বিশিষ্ট লেখিকা,সংগীতজ্ঞ,গোৱালপৰীয়া লোকসংগীতৰ সাধক বেবী ভূঞাক প্ৰয়াত গজেন্দ্ৰনাথ তালুকদাৰ সোঁৱৰণী “লোকসংগীত শিৰোমণি” বঁটা প্ৰদান কৰা হয়৷ শিল্পীগৰাকীক ফুলাম গামোচা,ফুলাম জাপি,স্মাৰক,গছপুলি,চেলেং আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷

বজালীৰ বামাখাটাত বৰ্ণাঢ্য কাৰ্যসূচীৰে ব'হাগী উৎসৱ পালন

একেদৰে প্ৰয়াত ৰামবিলাস তালুকদাৰ সোঁৱৰণী “নাট্যজ্যোতি” বঁটা কিশোৰ তহবিলদাৰক, প্ৰয়াত প্ৰভাত বৰুৱা সোঁৱৰণী “সংগীতজ্যোতি” বঁটা নৃত্যশ্ৰী ববীৰাণী তালুকদাৰকে ধৰি অসমৰ মুঠ ছয়গৰাকী বৰেণ্য ব্যক্তিক বিভিন্ন দিশত আগবঢ়োৱা অৱদানৰ বাবে শিক্ষাজ্যোতি বঁটা,সমাজ হিতৈষী বঁটা,শিল্পজ্যোতি সোঁৱৰণী বঁটা আদি প্ৰদান কৰা হয় ৷

Last Updated : May 14, 2019, 2:05 PM IST

ABOUT THE AUTHOR

...view details