আজাৰা, ৩ জুনঃ বৰঝাৰ বিমান বন্দৰত মংগলবাৰে নিশা অৱতৰণ কৰিলে দ্বিতীয়খন আন্তৰাষ্ট্ৰীয় বিমানে । বিমান বন্দৰ খোলাৰ পিছত দ্বীতিয়খন আন্তৰাষ্ট্ৰীয় বিমান অৱতৰণ কৰিলে বৰঝাৰ বিমান বন্দৰত । বন্দে ভাৰত আঁচনিৰ অধীনত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত আৰু একাংশ আন লোকক লৈ অনা হয় বিমানখনত । ৰাছিয়াৰ ম'স্কৰ পৰা Air Indiaৰ AI1978 নম্বৰৰ বিমানযোগে অহা মুঠ ৩৭ গৰাকী লোকক নিজ ৰাজ্যলৈ উভতাই আনে চৰকাৰে ।
গুৱাহাটীত অৱতৰণ ম'স্কৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ বিমান - কোৱাৰেন্টাইন কেন্দ্ৰ
মংগলবাৰে নিশা বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিলে ৰাছিয়াৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ দ্বিতীয়খন আন্তৰাষ্ট্ৰীয় বিমানে । বন্দে ভাৰত অভিযনাৰ অধীনত ৩৭ গৰাকী লোকক নিজ ৰাজলৈ উভতাই আনে চৰকাৰে ।
2nd international flight landed at Guwahati Airport last night
ম'স্কৰ পৰা দিল্লী হৈ নিশা ১২ বাজি ৪৫ মিনিটত বৰঝাৰত অৱতৰণ কৰে বিমানখনে । কৰ'ণা মহামাৰীৰ ফলত লকডাউনৰ বাবে বহিঃৰাষ্ট্ৰত আৱদ্ধ হৈ আছিল লোকসকল । এইসকল লোকক লৈ অনাৰ বাবে বিশেষ বিমানৰ ব্যৱস্থা কৰিছল কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ।
বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে যাত্ৰীসকলৰ বেগ সমূহ চেনিটাইজ কৰি নিশা বিমানবন্দৰৰ সমীপৰ কিৰণশ্ৰী গ্ৰেণ্ডত স্বাৱ সংগ্ৰহৰ বাবে লৈ যোৱা হয়। ইয়াৰ পিছত আটাইকেইজন যাত্ৰীকে আমিনগাঁৱস্থিত IIT কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হয় ।