অসম বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰৰ অনিৰ্দিষ্টকাললৈ অৱৰোধ কাৰ্যসূচী - অসম বিশ্ববিদ্যালয়
2019-03-06 09:02:20
গৱেষণা জলপানি নোপোৱাৰ ক্ষোভত বুধবাৰে অনিৰ্দিষ্টকাললৈ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়খনৰ গৱেষক ছাত্ৰই।
শিলচৰ, ৬ মাৰ্চ : অসম বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰৰ প্ৰতিবাদ। ২০১৭ চনৰ পৰা বিশ্ববিদ্যালয়খনত গৱেষণা জলপানি নোপোৱাৰ ক্ষোভত বুধবাৰে অনিৰ্দিষ্টকাললৈ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়খনৰ গৱেষক ছাত্ৰই।
বুধবাৰে ৰাতিপুৱাই বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কক্ষৰ সন্মুখত অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ক্ষোভিত গৱেষক ছাত্ৰ-ছাত্ৰীসকলে। তেওঁলোকৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন পূৰ্বেই গৱেষণা জলপানি মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি পালন কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। কিন্তু আজিকোপতি প্ৰতিশ্ৰুতি পালনত ফলপ্ৰসূ নহ'ল বিশ্ববিদ্যালয়খন । তেওঁলোকৰ দাবী পূৰণ নহলে অনিৰ্দিষ্ট কাললৈ অৱৰোধ কাৰ্যসূচী অব্যাহত ৰাখিব বুলিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলে।