নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ :আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিন । তেওঁৰ সংসদীয় সমষ্টিৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিনটো বিভিন্ন ধৰণে উদযাপন কৰিছে । কিছুমানে মন্দিৰত উপাসনা কৰি আছে আৰু কিছুমানে বাবা বিশ্বনাথৰ ৰুদ্ৰ অভিষেক কৰিছে । ইয়াৰ মাজতে আকৌ বিজেপি কৰ্মী আৰু বাৰাণসীৰ যুৱক-যুৱতীসকলে প্ৰধানমন্ত্ৰীৰ জন্মদিন এক অনন্য ধৰণে উদযাপন কৰে । বাৰাণসীত যুৱকসকলে মোদীৰ টেটু হাতত অংকন কৰি লয় ।
বহুতো যুৱকে তেওঁলোকৰ হাতত 'হেপ্পী বাৰ্থডে মোদী' (youth got modi tattoos on hand in varanasi) টেটু অংকন কৰে । সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দীৰ্ঘ জীৱনৰ শুভেচ্ছা জনায় । ইটিভি ভাৰতৰ প্ৰতিনিধিয়ে উক্ত যুৱসকলৰ সৈতে বাৰ্তালাপ কৰে । তাত তেওঁলোকে কয় যে দেশৰ প্ৰধানমন্ত্ৰী বাৰাণসীৰ সাংসদ হোৱাটো আমাৰ বাবে সৌভাগ্যৰ বিষয় ।
যুৱকসকলে লগতে কয় যে এইটো আমাৰ সাংসদ আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ ৭২ সংখ্যক জন্মদিন (prime minister narendra modi Birthday) । তাৰ বাবে মানুহে তেওঁৰ প্ৰতি মৰমত ব্যাপক উন্মাদ হৈ পৰিছে । শুকুৰবাৰৰ পৰাই টেটু অংকন প্ৰক্ৰিয়া আৰম্ভ হৈছিল । যুৱকসকলে বাৰাণসীত মোদীৰ টেটু হাতত অংকন কৰিছিল । টেটু শিল্পীয়ে নমো মোদী অতি সুন্দৰভাৱে লিখিছে ।