নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ :ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা অব্যাহত আছে (Congress Bharat Jodo Yatra)। ইতিমধ্যে নেতাগৰাকীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দল উপস্থিত হৈছে ৰাজস্থানত (Congress Bharat Jodo Yatra in Rajasthan)। ৰাজস্থানত ৰাহুল গান্ধীয়ে যাত্ৰা কৰি থকাৰ সময়তে অঘটন ।
যাত্ৰাৰ সময়ত তেওঁ কোটাত থকা ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথা আছিল । কিন্তু প্ৰতিমূৰ্তিৰ সমীপতে এজন যুৱকে আত্মহত্যাৰ চেষ্টা কৰে । নিজৰ গাৰ কাপোৰত অগ্নি সংযোগ কৰি আত্মহত্যাৰ চেষ্টা কৰে যুৱকজনে (Young man tried to commit suicide in Kota)। যাৰ বাবে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ।
যুৱকজনে আনকি ৰাহুল গান্ধীৰ বিৰোধী বুলিও দাবী কৰে । এই ঘটনা সংঘটিত হোৱাৰ বাবে ৰাহুল গান্ধীয়ে প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে যাব নোৱাৰিলে । যুৱকজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে । যুৱকজনক ততালিকে এখন এম্বুলেন্সত ঝালাৱাৰ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছে । আৰক্ষী আৰু চিআইডিৰ দল চিকিৎসালয়ত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ।
আনহাতে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই ৰাজস্থানত পঞ্চম দিনত ভৰি দিলে । এই যাত্ৰা পুৱা ঝালাৱাৰ ৰোডৰ অনন্তপুৰা স্বগত গেটৰ পৰা আৰম্ভ হৈছে । য'ৰ পৰা ৰাহুল গান্ধীয়ে ১ দিনৰ ভিতৰত পুৱাৰ ভাগত ৰংপুৰ স্কোৱেৰৰ পৰা ২৩ কিলোমিটাৰ খোজ কাঢ়িব আৰু সন্ধিয়া তেওঁ কোনো ভ্ৰমণ নকৰে । যাত্ৰা সমাপ্ত কৰাৰ পাছতে, ৰাহুল গান্ধী চৱাই মাধোপুৰলৈ ৰাওনা হ'ব ।