অসম

assam

By

Published : May 2, 2021, 2:01 PM IST

ETV Bharat / bharat

মহামাৰীৰ সময়ত যিসকলে জয়ী হ'ব সেয়া অভূতপূৰ্ব জয় হ'ব: কপিল ছিবাল

কৰ’ণাৰ জটিল পৰিস্থিতিৰ মাজতে দেশৰ চাৰিখন ৰাজ্যত যিয়ে বিজয় সাব্যস্ত কৰিব তেওঁৰ জয় অভূতপূৰ্ব হ'ব বুলি মন্তব্য কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে ।

victories are pyrrhic
কপিল ছিবালৰ গুৰুত্বপূৰ্ণ মন্তব্য

নেশ্যনেল ডেস্ক, ২ মে':দেশক কৰ'ণাৰ দ্বিতীয় ঢৌৱে জুৰুলা কৰিবলৈ আৰম্ভ কৰাৰ সময়তে চাৰিখনকৈ ৰাজ্য ক্ৰমে অসম, কেৰালা, তামিলনাডু,পশ্চিমবংগ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । এনে জটিল সময়ত ভোটগণনা চলি থকাৰ মাজতে কংগ্ৰেছ নেতা কপিল ছিবালে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

তেওঁৰ মতে এই সময়ত যিসকলে বিজয় সাব্যস্ত কৰিব তেওঁৰ এই জয় অভূতপূৰ্ব হ'ব । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইটযোগে কয় যে এই বিজয় হ'ব জীৱন ৰক্ষা কৰাৰ জয় । উল্লেখ্য যে, চাৰিওখন ৰাজ্যতে ক'ভিড বিধি পালন কৰি পুৱা ৮ বজাৰ পাৰ আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া ।

লগতে পঢ়ক:ওড়িশাত ১৪ দিনৰ বাবে লক ডাউন

ABOUT THE AUTHOR

...view details