অসম

assam

ETV Bharat / bharat

ক’ভেক্সিনৰ জৰুৰীকালীন ব্যৱহাৰৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ বৈঠক - স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথন

বিশ্বত কৰ’ণা মহামাৰীৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ইয়াৰ ভয়াৱহতাৰ কথা এতিয়াও নুই কৰিব নোৱাৰি ৷ তদুপৰি ঠাই বিশেষে অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ ৷ এনে সময়ত বিশ্ব স্বাস্থ্য সন্থাই ক’ভিডৰ জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড ভেকচিনৰ উপলব্ধতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷

WHO's technical advisory group to meet to consider emergency use of vaccine
ক’ভাক্সিনৰ জৰুৰীকালীন ব্যৱহাৰৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ বৈঠক

By

Published : Oct 18, 2021, 11:26 AM IST

নেশ্যনেল ডেস্ক, 18 অক্টোবৰ : ভাৰত বায়’টেকৰ ক’ভিড 19 ৰ প্ৰতিষেধক Covaxin ৰ জৰুৰীকালীন ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰিকৰী পৰামৰ্শদাতাৰ এটা গোটে 26 অক্টোবৰত বৈঠকত মিলিত হ'ব । বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনে এক টুইটযোগে এই তথ্য প্ৰকাশ কৰে ।

স্বামীনাথনে টুইট কৰি কয় যে, 'ভেকচিনবিধৰ জৰুৰীকালীন ব্যৱহাৰৰ বিষয়ে বিবেচনা কৰিবলৈ কাৰিকৰী পৰামৰ্শদাতা গোটৰ বৈঠক ২৬ অক্টোবৰত অনুষ্ঠিত হ'ব । ইয়াৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত বায়’টেকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে । আমাৰ লক্ষ্য হ'ল জৰুৰীকালীন ব্যৱহাৰৰ বাবে স্বীকৃত তথা অনুমোদিত ভেকচিনক সকলো ঠাইত ব্যাপক পৰিমাণে উপলব্ধ কৰোৱা ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ কৌশলগত পৰামৰ্শদাতা দলে ভেকচিন সম্পৰ্কীয় অন্যান্য বিষয়ৰ লগতে জৰুৰীকালীন ব্যৱহাৰ তালিকা(ই ইউ এল)ৰ সন্দৰ্ভত পৰামৰ্শ দিবলৈ 6 অক্টোবৰত এখন বৈঠক অনুষ্ঠিত কৰিছিল ৷ তেওঁলোকে এসপ্তাহৰ ভিতৰত ভেকচিনবিধক জৰুৰীকালীন ব্যৱহাৰ তালিকা(ই ইউ এল)ৰ মৰ্যদা প্ৰদান কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ কথাও ব্যক্ত কৰিছিল ।

উল্লেখ্য যে, ক’ভেক্সিন হৈছে ভাৰতৰ ফাৰ্মাচিউটিকেল নিয়ন্ত্ৰকৰ পৰা জৰুৰীকালীন অৱস্থাৰ বাবে অনুমোদিত ভেকচিনৰ অন্যতম ৷ কৰ’ণা মহামাৰীৰ সময়ত দেশজুৰি টীকাকৰণ কাৰ্যসূচীত ক’ভিশ্বীল্ড (Covishield) আৰু স্পুটনিক-ভি (Sputnik V)ৰ লগত ক’ভেক্সিন(Covaxin) ব্যৱহাৰ কৰা হৈছিল ।

লগতে পঢ়ক :কেৰালাত মহাপ্ৰলয় : মৃতকৰ সংখ্যা 21 জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details