অসম

assam

ETV Bharat / bharat

পশ্চিমবংগৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ শেহতীয়া তথ্য

By

Published : Apr 10, 2021, 1:08 PM IST

Updated : Apr 10, 2021, 10:58 PM IST

WEST BENGAL ELECTION VIOLENCE
পশ্চিমবংগৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন LIVE

22:56 April 10

ৰাজনৈতিক নেতাক কোচবিহাৰলৈ যোৱাত নিষেধাজ্ঞা

চতূৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে কোচবিহাৰত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক নেতা সকলক তিনিদিনৰ বাবে কোচবিহাৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে নিৰ্বাচন আয়োগে ৷ শনিবাৰে নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ অনাগত 72 ঘন্টাৰ বাবে নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতা সকলক জিলাখনৰ ভৌগলিক চাৰিসীমাৰ আশে পাশেও প্ৰৱেশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ কোচবিহাৰৰ হিংসাত্মক ঘটনাত চাৰিগৰাকীকৈ লোকে প্ৰাণ হেৰুৱাব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছতে নিৰ্বাচন আয়োগে এই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

22:55 April 10

কোচবিহাৰৰ হিংসাত্মক ঘটনাৰ পাছতে অতিৰিক্ত চেন্ট্ৰেল ফৰ্চ মোতায়েন

কোচবিহাৰৰ হিংসাত্মক ঘটনাৰ পাছতে পশ্চিম বংগত চেন্ট্ৰেল আৰ্মদ পুলিছ ফৰ্চেচৰ অতিৰিক্ত কোম্পানী মোতায়েন কৰাৰ সিদ্ধান্ত ৷ বাকী থকা চাৰিটা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ ৷ চৰকাৰী বিষয়াই জানিবলৈ দিয়া মতে বিএচএফৰ 33 টা কোম্পানী, চিআৰপিএফৰ 12 টা কোম্পানী, আইটিবিপিৰ 13 টা, সশস্ত্ৰ সীমা বলৰ 9 টা আৰু চিআইএচএফৰ চাৰিটা কোম্পানী পশ্চিমবংগত মোতায়েন কৰা হ'ব ৷

22:41 April 10

76.16 শতাংশ ভোটগ্ৰহণৰ সৈতে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ সামৰণি ৷ কোচবিহাৰ, আলিপুৰদুৱাৰ, হুগলী আৰু হাওৰাকে ধৰি ৰাজ্যখনৰ মুঠ পাঁচখন জিলাৰ 44 টা সমষ্টিত মুঠ 373 গৰাকী প্ৰাৰ্থীয়ে শনিবাৰে প্ৰতিদ্বন্দিতা আগবঢ়ায় ৷ 373 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 323 গৰাকী পুৰুষ প্ৰাৰ্থীৰ বিপৰীতে মহিলা প্ৰাৰ্থীৰ সংখ্যা আছিল 50 গৰাকী ৷

19:47 April 10

5:30 বজালৈ 76.16 শতাংশ ভোটগ্ৰহণ

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ চতূৰ্থ পৰ্যায়ত 5:30 বজালৈ 76.16 শতাংশ  ভোটগ্ৰহণ হয় ৷ ৰাজ্যখনৰ পাঁচ খন জিলাৰ মুঠ  44 টা বিধানসভা সমষ্টিত আজি ভোটগ্ৰহণ হয় ৷  

19:39 April 10

কোচবিহাৰৰ ঘটনাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সম্পূৰ্ণৰূপে দায়ী : মমতা বেনাৰ্জী

কোচবিহাৰৰ ঘটনাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সম্পূৰ্ণৰূপে জগৰীয়া কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ বেনাৰ্জীয়ে কয় যে, "আজিৰ ঘটনাৰ আঁৰৰ মূল ষড়যন্ত্ৰকাৰী জন হ'ল অমিত শ্বাহ ৷ মই চেন্ট্ৰেল ফৰ্চ ক ইয়াৰ বাবে জগৰীয়া নকৰো ৷ যিহেতু তেওঁলোকে গৃহমন্ত্ৰীৰ নিৰ্দেশমৰ্মে কাম কৰে ৷"

18:55 April 10

অমিত শ্বাহৰ পদত্যাগৰ দাবী তৃণমূল কংগ্ৰেছৰ

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে চেন্ট্ৰেল ফৰ্চে চাৰিগৰাকী দলীয় কৰ্মীক হত্যা কৰাৰ ঘটনাক গৰিহনা দি   অমিত শ্বাহৰ পদত্যাগৰ দাবী জনাইছে তৃণমূল কংগ্ৰেছে ৷ এই ঘটনাক কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীৰ  ষড়যন্ত্ৰ বুলি অভিযোগ তুলি তৃণমূল কংগ্ৰেছে মন্ত্ৰী গৰাকীৰ পদত্যাগৰ দাবী জনাইছে ৷ প্ৰাপ্ত তথ্য অনুসৰি ভোটদানৰ বাবে শাৰী পাতি থকাৰ সময়তে এগৰাকী লোক অচেতন হৈ ঢলি পৰে ৷ সন্মুখৰে এটা বুথত তেওঁৰ চিকিৎসা চলি আছিল যদিও কোনো লোকে তেওঁক কেন্দ্ৰীয় সুৰক্ষা কৰ্মীয়ে আক্ৰমণ কৰা বুলি এক উৰাবাতৰি প্ৰকাশ কৰে ৷ এই ঘটনাৰ পাছতে প্ৰায় 350 গৰাকী স্থানীয় লোকে হস্তনিৰ্মিত অস্ত্ৰ হাতত লৈ সুৰক্ষা কৰ্মী সকলক আক্ৰমণ কৰা লগতে তেওঁলোকৰ বন্দুক কাঢ়ি লোৱাৰ বাবে চেষ্টা কৰে ৷ ইয়াৰ মাজতে চেন্ট্ৰেল ফৰ্চে গুলিচালনা  কৰাত 4 গৰাকী লোক নিহত হয় ৷

18:36 April 10

হুগলীত লকেট চেটাৰ্জীক আক্ৰমণ

চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ লকেট চেটাৰ্জীক হুগলীৰ সোণচেৰাত আক্ৰমণ কৰাৰ অভিযোগ ৷ চেটাৰ্জীৰ লগতে সংবাদ কৰ্মীৰ বাহনটো আক্ৰমণ কৰাৰ অভিযোগ

14:15 April 10

সংখ্যালঘু পৰিয়ালৰ ভোটাৰক আটক কৰি ৰখাৰ অভিযোগত এইবাৰ ধৰ্ণাত বহিল বিজেপিৰ প্ৰাৰ্থী ৰবিন্দ্ৰ নাথ ঘোষ ৷ নাটাবাড়ি বিধানসভা সমষ্টিৰ নাটাবাড়ি 1 নং গাঁও পঞ্চায়তৰ অন্তৰ্গত 8/23 নং ভোটকেন্দ্ৰত ধৰ্ণাত বহে প্ৰাৰ্থীগৰাকী ৷ তেখেতে কৰা অভিযোগ অনুসৰি 200 টা সংখ্যালঘু পৰিয়ালক আবদ্ধ কৰি ৰখা হৈছে ৷

13:33 April 10

কোচবিহাৰ জিলাৰ শীতলকুচিৰ 126 নম্বৰ ভোটকেন্দ্ৰত ভোটগ্ৰহণ বন্ধৰ নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে ৷ এই পৰ্যন্ত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 52.55 শতাংশ ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে ৷ 

13:09 April 10

ইভিএমৰ বুটামত ক‘লা চিঁয়াহী থকাৰ অভিযোগ উত্থাপন কৰিছে চুচড়াৰ বিজেপি প্ৰাৰ্থী লকেট চট্টোপাধ্যায়য়ে ৷ 

12:42 April 10

পশ্চিমবংগত অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ চতুৰ্থ পৰ্যায়ত 44 টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন ৷

নিউজ ডেস্ক,10 এপ্ৰিল: পশ্চিমবংগত অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৰাজ্যখনত আছে সৰ্বমুঠ 294 টা বিধানসভা সমষ্টি ৷ ইয়াৰে 44 টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন ৷ ৰাজ্যখনত মোতায়ন কৰা হৈছে 793 টা নিৰাপত্তা বাহিনী ৷ পুৱা 11 বজা পৰ্যন্ত চতুৰ্থ পৰ্যায়ত সম্পন্ন হৈছে 33.98 শতাংশ ভোটদান ৷ ইফালে ভোটগ্ৰহণ চলি থকাৰ মাজতে কোচবিহাৰৰ মাথা ভাংগাৰ জৰপাটকি অঞ্চলত গুলীচালনাৰ ঘটনা সংঘটিত উঠিছে ৷ উক্ত ঘটনাত মৃত্যু হৈছে চাৰিজনকৈ লোকৰ ৷ আহত হৈছে আন তিনিজন লোক ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ 

Last Updated : Apr 10, 2021, 10:58 PM IST

ABOUT THE AUTHOR

...view details