অসম

assam

By

Published : Feb 12, 2023, 10:53 PM IST

ETV Bharat / bharat

Stop Racism: আমাৰ বেয়াৰ গ্ৰিলছৰ সৈতে সম্পৰ্ক নাই; আমাৰ বিষয়ে জানিবলৈ গুগলক সোধক: টেমজেন ইমনা আলং

হাৰিয়ানাত বৰ্ণবাদ আৰু বৈষম্যৰ সন্মুখীন উত্তৰ-পূবৰ এগৰাকী যুৱতী ৷ যুৱতীগৰাকীক ‘আপুনি সাপ অথবা কুকুৰ খায় নেকি’ বুলি প্ৰশ্ন একাংশৰ (Racist comment to North East girl) ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙৰ ৷

Racism faced by North East Girl
আমাৰ বেয়াৰ গ্ৰিলছৰ সৈতে সম্পৰ্ক নাই; আমাৰ বিষয়ে জানিবলৈ গুগলক সুধক: টেমজেন ইমনা আলঙ

নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰী:উত্তৰ-পূবৰ এগৰাকী মহিলাই হাৰিয়ানাৰ ফৰিদাবাদৰ সুৰজকুণ্ড মেলাত বৰ্ণবাদৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰি কৰা এটা টুইটৰ প্ৰতিক্ৰিয়া নাগালেণ্ডৰ শিক্ষা তথা জানজাতীয় পৰিক্ৰমা মন্ত্ৰী টেমজেন ইমনা আলঙৰ ৷ উল্লেখ্য যে, ফৰিদাবাদৰ সুৰজকুণ্ড মেলাত এখন বিপণি পৰিচালনা কৰিছিল যুৱতীগৰাকীয়ে (Racism faced by North East Girl) ৷

প্ৰায় 2500ত কৈয়ো অধিক লাইক লাভ কৰা টুইটাৰ ভিডিঅ’টোত মহিলাগৰাকীক এগৰাকী সাংবাদিকে মেলাৰ অভিজ্ঞতা সম্পৰ্কে প্ৰশ্ন সুধি থকা দেখিবলৈ পোৱা গৈছে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত উত্তৰ-পূবৰ মহিলাগৰাকীয়ে কয়, ‘‘ প্ৰথমে মই ইয়ালৈ আহি সুখী অনুভৱ কৰিছিলো ৷ কাৰণ মোৰ বাবে এয়া প্ৰথম অভিজ্ঞা আছিল ৷ কিন্তু মই ইয়াত কিছু আচৰিত প্ৰশ্নৰ সন্মুখীন হৈছোঁ ৷ একাংশ লোকে মোক সুধিছে, আপুনি কুকুৰ বা সাপ খায় নেকি (Racist comment to North East girl) ?’’

লগতে উত্তৰ-পূবৰ মহিলাগৰাকীয়ে কয়, ‘‘এইবোৰ শুনি মই যথেষ্ট দুখ অনুভৱ কৰিছোঁ ৷ মোৰ ঘৰলৈ উভতি যাবৰ মন গৈছে ৷ ইয়াৰ মানুহে মোক আমি কেনেদৰে জীয়াই আছো, ভালদৰে খাবলৈ পাইছো নে নাই সেই সম্পৰ্কে একো সোধা নাই ৷ আমি উত্তৰ-পূবৰ লোকসকলো ভাৰতৰে অংগ ৷ কেৱল আমি দূৰৱৰ্তী ৰাজ্যৰ পৰা অহাৰ অৰ্থ এইটো নহয় যে আমি অসভ্য ৷’’

টুইটাৰত শ্বেয়াৰ কৰা এই ভিডিঅ’টো এতিয়া ব্যাপকভাৱে প্ৰচলিত হৈ পৰিছে ৷ সেই টুইটটো প্ৰত্যক্ষ কৰাৰ পাচতেই নাগালেণ্ডৰ শিক্ষা তথা জানজাতীয় পৰিক্ৰমা মন্ত্ৰী টেমজেন ইমনা আলঙে (Temjen Imna Along) প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ মন্ত্ৰীগৰাকীয়ে টুইটটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘কিছুমান লোকে আমাক ‘বেয়াৰ গ্ৰিলছ’ৰ সৈতে তুলনা কৰিবলৈ আৰম্ভ কৰিছে ৷ এয়া ভাল কথা নহয় ৷ যদি আমাৰ বিষয়ে আপুনি জানিব বিচাৰিছে তেন্তে গুগলক সোধক ৷ যদি বিচাৰি নাপায় তেন্তে মোক সোধক (North ease Indian face racism) ৷’’

উল্লেখ্য যে, নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলং তেওঁৰ হাস্যৰসাত্মক টেগ আৰু কৌতুকপূৰ্ণ শিৰোনামৰ বাবে (Caption) সামাজিক মাধ্যমত অতি জনপ্ৰিয় ৷ তেওঁ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাচতেই বিভিন্ন জনে কৰিছে ৰি-টুইট ৷ লগতে সমৰ্থন কৰিছে বৰ্ণবাদৰ সন্মুখীন হোৱা মহিলাগৰাকীক ৷ মন কৰিবলগীয়া যে, বিভিন্ন সময়ত উত্তৰ-পূবৰ যুৱক-যুৱতী দেশৰ বিভিন্ন ৰাজ্যত এইদৰেই বৰ্ণবাদৰ সন্মুখীন হৈ আহিছে ৷

লগতে পঢ়ক:Naba Das Murder Update: মানসিক ভাৰসাম্য হেৰুৱাই হত্যা কৰিছিল ওডিশাৰ স্বাস্থ্যমন্ত্ৰীক; হত্যাকাৰীৰ স্বীকাৰোক্তি

ABOUT THE AUTHOR

...view details